নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : মণিপুৰৰ গোচৰ সন্দৰ্ভত দেশৰ শীৰ্ষ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এডিটৰ্ছ গিল্ড অব ইণ্ডিয়া (ইজিআই) । উল্লেখ্য যে শুকুৰবাৰে মণিপুৰত জাতিগত সংঘৰ্ষৰ ওপৰত প্ৰকাশ কৰা প্ৰতিবেদনৰ বাবে সংগঠনটোৰ চাৰিজন সদস্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল । এই দুখন এজাহাৰৰ ওপৰত সুৰক্ষামূলক আদেশৰ নিৰ্দেশনা বিচাৰি ইজিআয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে ।
বিষয়টো ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত উত্থাপন কৰা হয় । শীৰ্ষ ন্যায়ালয়ে বুধবাৰে বিষয়টোৰ ওপৰত শুনানি কৰিবলৈ সন্মত হয় । আনহাতে, ইজিআয়ে এফআইআৰসমূহ বাতিল কৰিবলৈও বিচাৰিছে । ইজিআইক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা শ্যাম দিভানে কয় যে তেওঁলোকে গ্ৰেপ্তাৰ হোৱাৰ আশংকা কৰিছে আৰু আদালতক বুধবাৰে বিষয়টোৰ ওপৰত শুনানিৰ বাবে আহ্বান জনাইছে ।
দিভানে কয় যে আদালতৰ সন্মুখত চাৰিজন লেখ আবেদনকাৰী আছে আৰু 'আমি গ্ৰেপ্তাৰ আৰু বলপূৰ্বক পদক্ষেপৰ পৰা সুৰক্ষা বিচাৰি আছোঁ । দিভানে কয় যে, ইজিআয়ে এক তথ্য অনুসন্ধান সমিতি নিযুক্ত কৰিছিল আৰু প্ৰথম তিনিজন আবেদনকাৰী, যিসকল জ্যেষ্ঠ সাংবাদিক, তেওঁলোকে মণিপুৰলৈ যোৱা সমিতিৰ অংশ আছিল আৰু চাৰি দিনৰ বাবে তেওঁলোক গঠনাস্থলীত আছিল । দিভানে লগতে কয় যে, তেওঁলোকে জনসাধাৰণৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল আৰু তাৰ পিছত এক তথ্য অনুসন্ধান প্ৰতিবেদন প্ৰস্তুত কৰিছিল । উক্ত তথ্য অনুসন্ধান প্ৰতিবেদন ২ ছেপ্টেম্বৰত প্ৰকাশ কৰা হৈছিল আৰু তাৰ ওপৰত দুখন এজাহাৰ দাখিল কৰা হৈছে ।