নিউজ ডেস্ক, ৯ নৱেম্বৰ :দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাবে বুধবাৰে শপত গ্ৰহণ কৰে ধনঞ্জয় ৱাই চন্দ্রচূড়ে (50th Chief Justice of India DY Chandrachud) । তেওঁ ছুপ্রিম কোর্টৰ বিদায়ী মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ স্থলাভিষিক্ত হয় । ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে (President Droupadi Murmu) আজি ৰাষ্ট্রপতি ভৱনত তেওঁক শপত বাক্য পাঠ কৰায় । অহা ২০২৪ চনৰ ১০ নৱেম্বৰ পর্যন্ত ছুপ্রিম কোর্টৰ মুখ্য ন্যায়াধীশ পদত থাকিব চন্দ্রচূড় ।
উল্লেখ্য, মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ অৱসৰৰ পিছত বিগত ২৭ আগষ্টত দেশৰ মুখ্য ন্যায়াধীশ হিচাবে শপত গ্ৰহণ কৰিছিল ন্যায়াধীশ ললিতে । নিয়ম অনুযায়ী দেশৰ মুখ্য ন্যায়াধীশে অৱসৰ গ্রহণৰ পূৰ্বে পৰৱর্তী মুখ্য ন্যায়াধীশৰ নাম প্ৰস্তাৱ কৰি যায় । উক্ত প্রথা মানিয়েই বিগত ১১ অক্টোবৰত ছুপ্রিম কোর্টৰ সকলো ন্যায়াধীশক লৈ অনুষ্ঠিত বৈঠকত কেন্দ্রৰ হাতত উক্ত প্ৰস্তাৱৰ পত্ৰ তুলি দিয়ে মুখ্য ন্যায়াধীশ ললিতে । তেওঁ ৭৪ দিন মুখ্য ন্যায়াধীশৰ পদত আছিল ।
উল্লেখ্য, ১৯৯৮ চনত দেশৰ অতিৰিক্ত ছলিচিটৰ জেনেৰেল আছিল ন্যায়াধীশ চন্দ্রচূড় । ২০১৩ চনত তেওঁ এলাহাবাদ হাইকোর্টৰ মুখ্য ন্যায়াধীশ হয় । ২০১৬ চনত ছুপ্রিম কোর্টৰ ন্যায়াধীশ হিচাবে নিযুক্ত হয় তেওঁ । আনহাতে, ন্যায়াধীশ চন্দ্রচূড়ৰ পিতৃ ৱাই ভি চন্দ্রচূড়ো ছুপ্রিম কোর্টৰ মুখ্য ন্যায়াধীশ আছিল (Chief Justice of India Y V Chandrachud) । ১৯৭৮ চনৰ ফেব্রুৱাৰীৰ পৰা ১৯৮৫ চনৰ জুলাই পর্যন্ত প্রায় চাৰে ৭ বছৰ মুখ্য ন্যায়াধীশৰ পদত আছিল তেওঁ ।