অসম

assam

Drone Spotted In Gurdaspur Sector: ভাৰতৰ সীমান্তত পাকিস্তানৰ চোৰাংচোৱাৰ ড্ৰোণ

ভাৰত পাকিস্তান সীমান্তৰ পঞ্জাৱৰ গুৰদাসপুৰৰ আকাশত পৰিলক্ষিত হৈছে পকিস্তানৰ চোৰাংচোৱা ড্ৰোণ(Drone Spotted In Gurdaspur Sector)৷ দেওবাৰৰ মাজনিশা গুৰদাসপুৰ খণ্ডত ড্ৰোণ পৰিলক্ষিত হোৱাৰ লগে লগে সষ্টম হৈ পৰে বি এছ এফ জোৱানসকল ৷

By

Published : Jul 17, 2022, 1:11 PM IST

Published : Jul 17, 2022, 1:11 PM IST

drone-spotted-in-gurdaspur-sector
drone-spotted-in-gurdaspur-sector

নেশ্যনেল ডেস্ক, 17 জুলাই :পুনৰ ভাৰতৰ শান্তি বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ ৷ ভাৰত পাকিস্তান সীমান্তৰ পঞ্জাৱৰ গুৰদাসপুৰৰ আকাশত পৰিলক্ষিত হৈছে পকিস্তানৰ চোৰাংচোৱা ড্ৰোণ(Drone Spotted In Gurdaspur Sector)৷ দেওবাৰৰ মাজনিশা গুৰদাসপুৰ খণ্ডত ড্ৰোণ পৰিলক্ষিত হোৱাৰ লগে লগে সষ্টম হৈ পৰে বি এছ এফ জোৱানসকল ৷ ড্ৰোণখনলৈ লক্ষ্য কৰি বি এছ এফৰ জোৱানসকলে 46 ৰাউণ্ড গুলীচালনা কৰাৰ লগতে দুটা ইলুমিনেশ্যন বোমা নিক্ষেপ কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি পঞ্জাৱৰ গুৰদাসপুৰ চেক্টৰৰ অন্তৰ্গত দিনানগৰৰ সীমান্তৱৰ্তী গাঁও দিন্দাত দেওবাৰে নিশা 12 বজাত পাকিস্তানৰ ফালৰ পৰা এখন ড্ৰোণ ভাৰতৰ অভিমুখে আহে ৷ ড্ৰোণৰ শব্দ শুনি বি এছ এফৰ জোৱানসকলে গুলীবৰ্ষণ আৰম্ভ কৰে ৷ জোৱানসকলৰ গুলীবৰ্ষণত ড্ৰোণখন পুনৰ পাকিস্তান সীমান্তলৈ উভতি যায় ৷ সীমান্ত সুৰক্ষা বাহিনীৰ ডিআইজি প্ৰভাকৰ যোশীয়ে এই কথা নিশ্চিত কৰে ৷

ড্ৰোণখন ঘুৰি যোৱাৰ পিছতো সতৰ্কতা হিচাপে বি এছ এফৰ জোৱান আৰু আৰক্ষীয়ে পুৱাৰ পৰা দিন্দা আৰু ইয়াৰ আশে-পাশে অনুসন্ধান আৰম্ভ কৰিছে ৷ এতিয়ালৈকে সন্দেহজনক একো উদ্ধাৰ কৰা নাই আৰক্ষীয়ে ৷ এই ঘটনাৰ দ্বাৰা পাকিস্তানত অৱস্থিত চোৰাং ব্যৱসায়ী আৰু সন্ত্ৰাসবাদী সংগঠনসমূহে পঞ্জাৱৰ শান্তি আৰু শান্তি বিঘ্নিত কৰিবলৈ যথেষ্ট চেষ্টা কৰিছে বুলি দাবি উত্থাপন কৰে প্ৰশাসনে ৷

যোৱা কেইবছৰত পাকিস্তানৰ পৰা ভাৰতলৈ চোৰাংভাৱে অস্ত্ৰ আৰু ড্ৰাগছৰ যোগান ঘটনা সংঘটিত হৈ আহিছে ৷ বিএছএফে ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । ইয়াৰ লগতে, বহুবাৰক পাকিস্তানৰ পৰা অহা এনে ড্ৰোণ বিএছএফৰ দ্বাৰা বিফল কৰা হৈছে ৷

লগতে পঢ়ক :Jammu-Kashmir encounter: জম্মু-কাশ্মীৰৰ এনকাউন্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details