নতুন দিল্লী,31 মাৰ্চঃ ৰাজধানী দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰত এজন জ্যেষ্ঠ চিকিৎসকক আক্ৰমণ কৰা ঘটনা পোহৰলৈ আহিছে ৷ ঘটনাৰ লগত জড়িত বিমান সংস্থাৰ দুজন বিষয়াক আটক কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, এয়াৰলাইনৰ বৰ্ডিং কাউণ্টাৰ কৰ্মচাৰীয়ে দেওবাৰে এটা আগতীয়া বৰ্ডিং পাছ জাৰি কৰাৰ পিছত ঘটনাটো সংঘটিত হয় । ডাঃ চাৰুকান্তে অভিযোগ কৰা মতে, এয়াৰলাইনছ কাউণ্টাৰত ম'বাইলত ব্যস্ত থকা মহিলাক বৰ্ডিং পাছ দিবলৈ কোৱাত বেলেগ লাইনত থিয় হ’বলৈ কয় ।
দিল্লী বিমানবন্দৰত চিকিৎসকক আক্ৰমণ - এয়াৰলাইনৰ বৰ্ডিং কাউণ্টাৰ
ৰাজধানী দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰত এজন জ্যেষ্ঠ চিকিৎসকক আক্ৰমণ ৷ গোছৰ ৰুজু কৰাৰ পাছত এয়াৰপ’ৰ্ট আৰক্ষীয়ে এয়াৰলাইনৰ কৰ্তব্য ব্যৱস্থাপক আৰু কৰ্তব্য বিষয়াক গ্ৰেপ্তাৰ কৰিছে ৷
দিল্লী বিমানবন্দৰত চিকিৎসকক আক্ৰমণ
বিষয়টোক লৈ তৰ্কাতৰ্কিৰ সূত্ৰপাত হোৱাত দুজন এয়াৰলাইন কৰ্মচাৰীয়ে চিকিৎসকজনক আক্ৰমণ কৰে । পীড়িত চিকিৎসকজন নয়ডা ছেক্টৰ-৫২ ৰ বাসিন্দা । চিকিৎসক গৰাকীয়ে গোচৰ ৰুজু কৰাৰ পিছত অভিযুক্ত কৰ্মচাৰী দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ঘটনাটোৰ বিষয়ে বিমানবন্দৰ আৰক্ষী থানাৰ ডিচিপি ৰাজীৱ ৰঞ্জনে কোৱা মতে, এয়াৰলাইনছৰ কৰ্তব্য ব্যৱস্থাপক আৰু কৰ্তব্য বিষয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু বিষয়টোৰ ওপৰত অধিক তদন্ত চলি আছে ।
লগতে পঢ়কঃত্ৰিপুৰাত দুগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ