নেশ্যনেল ডেস্ক, ২৩ জুন :ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন আৰু বিজেপি সাংসদ নিশিকান্ত ডুবেৰ (Godda MP Nishikant Dubey) মাজত মত বিৰোধ অব্যাহত আছে । শেহতীয়াকৈ সামাজিক মাধ্যমত সাংসদ গৰাকীয়ে মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বিৰুদ্ধে বিতৰ্কিতমূলক মন্তব্য কৰিছিল । তাৰ পিছতে ৰাজ্যজুৰি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বিভিন্ন মহলত সমালোচনাৰ সন্মুখীন হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ।
সাংসদ নিশিকান্ত দুবেৰ বিতৰ্কিত অভিযোগৰ বিৰুদ্ধে আদালতৰ কাষ চাপে মুখ্যমন্ত্ৰী হেমন্ত চোৰেন । বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে আদালতত মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে সাংসদ নিশিকান্ত ডুবেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । যোৱা বছৰৰ ৪ আগষ্টত তেওঁৰ অধিবক্তাৰ জৰিয়তে ৰাঁচী অসামৰিক আদালতত (Ranchi Civil Court) নিশিকান্ত ডুবেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ খবৰ অনুসৰি নিশিকান্ত ডুৱেৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি (defamation) গোচৰ তৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লগতে সামাজিক মাধ্যম ফেচবুক (Facebook) আৰু টুইটাৰকো (Twitter) ঘটনাৰ প্ৰতিবাদী সজোৱা হয় । বুধবাৰে ন্যায়াধীশ ভান বৈশালী শ্ৰীবাস্তৱৰ আদালতে এই গোচৰৰ শুনানি গ্ৰহণ কৰে । শুনানিৰ জৰিয়তে মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যৰ গোচৰত প্ৰতিবাদী ফেচবুক আৰু টুইটাৰলৈ জাননী প্ৰেৰণ কৰা হয় । টুইটাৰ কমিউনিকেচন ইণ্ডিয়া প্ৰাইভেট লিমিটেড (Twitter communication india pvt Ltd) আৰু ফেচবুক ইণ্ডিয়া অনলাইন চাৰ্ভিচেছ প্ৰাইভেট লিমিটেড (Facebook India Online Services pvt Ltd) লৈ জাননী প্ৰেৰণ কৰে ।