অসম

assam

২৬ জানুৱাৰীৰ লালকিল্লাৰ ঘটনা: জামিন লাভ কৰিলে দীপ সিদ্ধুৱে

By

Published : Apr 26, 2021, 1:20 PM IST

অৱশেষত জামিন লাভ কৰিলে দীপ সিদ্ধুৱে । গণতন্ত্ৰ দিৱসত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত লালকিল্লাত সংঘটিত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল সিদ্ধুক । আদালতে কয় যে, অভিযুক্তজনক ইতিমধ্যে ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈ জেৰা কৰা হৈছে আৰু প্ৰায় ৭০ দিন ধৰি জিম্মাত আছে । একেটা গোচৰতে সোমবাৰে তেওঁৰ নিয়মীয়া জামিন মঞ্জুৰ কৰা হয় ।

অৱশেষত জামিন লাভ কৰিলে দীপ সিদ্ধুৱে
অৱশেষত জামিন লাভ কৰিলে দীপ সিদ্ধুৱে

নেশ্যনেল ডেস্ক,২৬ এপ্ৰিল: দিল্লীৰ এখন আদালতে সোমবাৰে জামিন মঞ্জুৰ কৰিলে অভিনেতা দীপ সিদ্ধুৰ । কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত লালকিল্লাত ধৰ্মীয় পতাকা উত্তোলন কৰি হিংসা বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছিল তেওঁৰ বিৰুদ্ধে । শুকুৰবাৰে আদালতে সিদ্ধুৰ জামিন আবেদন সন্দৰ্ভত উত্তৰ দাখিল কৰিবলৈ দিল্লী আৰক্ষীক এদিনৰ সময়সীমা বান্ধি দিছিল ।

শনিবাৰে সিদ্ধুৰ জামিন আবেদনৰ শুনানি মেট্ৰ'পলিটান দণ্ডাধীশে স্থগিত ৰাখে ৷ দিল্লী আৰক্ষীক তেওঁৰ জামিন আবেদন সন্দৰ্ভত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । অৱশেষত সোমবাৰে আদালতে সিদ্ধুৰ জামিন মঞ্জুৰ কৰে । আদালতে উল্লেখ কৰে যে, দীপ সিদ্ধুক ইতিমধ্যে ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত জেৰা কৰা হৈছে আৰু প্ৰায় ৭০ দিন ধৰি তেওঁ জিম্মাত আছে ।

অৱশেষত জামিন লাভ কৰিলে দীপ সিদ্ধুৱে

প্ৰথম গোচৰটোত একে ধৰণৰ তথ্যৰ ভিত্তিতে এ এছ জেৰ দ্বাৰা তেওঁৰ নিয়মীয়া জামিন মঞ্জুৰ কৰা হৈছিল । উল্লেখ্য যে, সিদ্ধুক যোৱা ১৭ এপ্ৰিলত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । যোৱা ২৬ জানুৱাৰীত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত লালকিল্লাত হোৱা হিংসাত্মক ঘটনাৰ গোচৰত দিল্লীৰ আদালতে তেওঁক জামিন প্ৰদান কৰে ।

শনিবাৰে সিদ্ধুৰ অধিবক্তা অভিষেক গুপ্তাই জাৰি কৰা বিবৃতি অনুসৰি, কৃষক আন্দোলনৰ সময়ত লালকিল্লা ঘটনাৰে জড়িত থকাৰ অভিযোগত কোতৱালী আৰক্ষী থানাত পঞ্জীয়ন কৰা এখন এজাহাৰৰ ভিত্তিত অভিনেতাজনক যোৱা ৯ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল ।

গুপ্তাৰ মতে, সিদ্ধুক ১৬ এপ্ৰিলৰ পৰা নিয়মীয়া জামিন প্ৰদান কৰা হৈছিল । কিন্তু এই বিষয়ে তেওঁলোকক শনিবাৰে জনোৱা হৈছিল । পিছত শনিবাৰে দুপৰীয়া তেওঁ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পূৰ্বেই লালকিল্লাত সংঘটিত ঘটনা সন্দৰ্ভত তেওঁক কোতৱালী আৰক্ষী থানাত ৰুজু কৰা এক এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক: হোম আইছ'লেছন কিটত নাই অক্সিমিটাৰ: স্বাস্থ্য বিভাগক সমালোচনা

ABOUT THE AUTHOR

...view details