অসম

assam

By

Published : Jul 2, 2022, 7:14 AM IST

ETV Bharat / bharat

আস্থা ভোটৰ পিছতহে হ’ব একনাথ সিন্দেৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সিদ্ধান্ত

শুকুৰবাৰে বিদ্ৰোহী শিৱসেনা বিধায়ক দীপক কেছাৰকাৰে জনোৱা মতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে ৪ জুলাইত বিধানসভাৰ মজিয়াত হ’ব লগা আস্থা ভোটৰ পিছত কেবিনেট সম্প্ৰসাৰণৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব (Shinde Fadnavis call on cabinet expansion after floor test) ।

Shiv Sena MLA Deepak Kesarkar says Shinde Fadnavis call on cabinet expansion after floor test
আস্থা ভোটৰ পিছতহে একনাথ সিন্দেৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সিদ্ধান্ত

নিউজ ডেস্ক, 2 জুলাই:মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে বিধানসভাৰ মজিয়াত হ’ব লগা আস্থা ভোটৰ পিছত কেবিনেট সম্প্ৰসাৰণৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব বুলি শুকুৰবাৰে বিদ্ৰোহী শিৱসেনা বিধায়ক দীপক কেছাৰকাৰে প্ৰকাশ কৰে । অহা ৪ জুলাইত অনুষ্ঠিত হ’ব নতুন চৰকাৰৰ শক্তি পৰীক্ষা (Maharashtra floor test on July 4) । সিন্দে ফৈদৰ শিৱসেনাৰ বিধায়কসকলে থিতাপি লোৱা গোৱাৰ এখন পঞ্চ তাৰকাযুক্ত ৰিজ’ৰ্টত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেছাৰকাৰে এই মন্তব্য কৰে ।

শক্তি পৰীক্ষাৰ পাছতহে মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীয়ে কেবিনেট সম্প্ৰসাৰণৰ সন্দর্ভত সিদ্ধান্ত ল’ব বুলিও তেওঁ কয়৷ অৱশ্যে কেবিনেট বাৰ্থ বা বিদ্ৰোহী বিধায়কসকলক দপ্তৰ বিতৰণৰ সন্দৰ্ভত এতিয়াও কোনো আলোচনা হোৱা নাই বুলি সদৰী কৰে কেছাৰকাৰে । সিন্দে নেতৃত্বাধীন চৰকাৰখনক `ইডি' চৰকাৰ বুলি উল্লেখ কৰি চৌদিশে প্ৰচাৰ হোৱা এটা কৌতুকধৰ্মী ভাইৰেল বাতৰি প্ৰসংগত তেওঁ কয়, `ইডি' মানে একনাথ আৰু দেৱেন্দ্ৰ, যিয়ে মহাৰাষ্ট্ৰৰ উন্নতিৰ বাবে কাম কৰিব ।

লগতে তেওঁ কয়, আনটো ইডিয়ে (Enforcement Directorate) আপোনাক তদন্তৰ বাবে মাতিব আৰু আপুনি ইয়াৰ সন্মুখত হাজিৰ হ’ব লাগিব ৷ ইয়াত আপোনাৰ স্পষ্টীকৰণ দাখিল কৰিব লাগে আৰু ক্লিন চিট লাভ কৰিব লাগে । উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাৰ লগতে অন্যান্য বিৰোধী দলসমূহেও কেন্দ্ৰীয় চৰকাৰে বিজেপিৰ বিৰোধীক হাৰাশাস্তি কৰাৰ বাবে ইডিক অপব্যৱহাৰ কৰা বুলি সততে অভিযোগ উত্থাপিত হৈ আহিছিল৷ শিন্দেৰ মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে সেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেৰ সপোন পূৰণ হোৱা বুলি উল্লেখ কৰিলে দীপক কেছাৰকাৰে ।

বালাচাহেবে সদায় এজন শিৱ সৈনিকক ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছিল বুলি উল্লেখ কৰি ২০১৯ চনত তেওঁৰ দলে এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰাৰ সময়ত এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে উদ্ধৱ থাকৰেক মুখ্যমন্ত্ৰী হ’বলৈ বাধ্য কৰাইছিল বুলি কেছাৰকাৰে অভিযোগ উত্থাপন কৰে৷ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণে আৰু তেওঁৰ দুই পুত্ৰৰ সৈতে তেওঁৰ নিজৰ বিবাদৰ বিষয়ে সোধাত কেছাৰকাৰে কয় যে যিদিনা ৰাণে’সকলে "মতোশ্ৰী"ৰ বিৰুদ্ধে কথা কোৱা বন্ধ কৰিব সেইদিনা কাজিয়া নিজেই বন্ধ হৈ যাব (Uddhav Thackeray and his family whose residence is `Matoshree' in Mumbai) ৷

লগতে পঢ়ক:এইবাৰ হিমন্ত বিশ্ব শৰ্মায়ো মানহানি গোচৰ তৰিলে মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details