মেষ ৰাশি:আপোনাৰ সকলো আশা আজি গণেশৰ কৃপাত পূৰ হ’ব ৷ পাৰিবাৰিক সম্পৰ্ক উন্নত হ’ব আৰু আলোচনাৰ ফল উন্নত হ’ব ৷ ঘৰৰ ভিতৰ মেৰামতি আৰু ৰং কৰাৰ কাম কৰাব পাৰে ৷ মাতৃৰ ফালৰ পৰা ভাল ফল লাভ কৰিব ৷ কামৰ বোজা অলপ সময়ৰ বাবে বৃদ্ধি হ’লেও বচৰ উপদেশ মুলক কথা বাৰ্তাত সুফল পাব ৷ চৰকাৰি কামৰ বাবে ভ্ৰমণত যাব লগা হ’ব পাৰে আৰু সেই কামত সফলতা পাব ৷ এই সকলোবোৰৰ মাজতে নিজৰ শৰীৰৰ যত্ন লওক ৷
বৃষ ৰাশি:বিদেশ ভ্ৰমণৰ যোগ আছে সাগৰৰ পাৰ বা তীৰ্থ ভ্ৰমণত যাব পাৰে , ভ্ৰমণে সুফল কঢ়িয়াই আনিব ৷ বেগ বান্ধিবলৈ সাজু হওক , দুৰৈল অলপ দিনৰ কাৰণে যাব লগা হ’ব পাৰে বা নতুন চহৰত নতুন ব্যবসায় আৰম্ভ কৰিব লগা হ’ব ৷ গ্ৰহৰ প্ৰভাৱত আজি আৰম্ভ কৰা নতুন কামত বহুত লাভ দেখা যায় ৷ ধৰ্মীয় স্থান পৰিভ্ৰমণ কৰি নতুন কিবা এটা কৰাৰ প্ৰেৰণা লাভ কৰিব ৷ বিদেশত থকা আপোনাৰ আপুন জনৰ পৰা ভাল খবৰ আশা কৰিব পাৰে ৷ সৰুসুৰা মুৰৰ বিষ আৰু কাহে আপোনাক অলপ দুৰ্বল কৰি তুলিব ৷
মিথুন ৰাশি:সকলো দিন সৰল আৰু বাট পথ গোলাপেৰে ভৰা নহয়, এইটো মনত ৰাখক কাৰন আজিৰ দিনটো আপোনাৰ বাবে সুগম যেন লগা নায় ৷ আজি আপোনাৰ আশাবোৰ মনৰ ভিতৰতে সোমোৱাই ৰাখক ৷ নতুন একো আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ অচিনাকি জনৰ লগত ভ্ৰমণত নাযাব ৷যদিহে ডাক্তৰি কিবা কৰিবলগা আছে অলপ দিন ৰৈ দিয়ক ৷ বাদ বিবাদৰ পৰা আতঁৰি থাকক ৷ টকা পইচাৰ অশুবিধাই আপোনাক দিগদাৰি দিব ,গতিকে খৰচৰ ওপৰত চকু ৰাখক কিন্তু খং নুঠাব ৷ খাদ্য দিয়া দেৰি হোৱাৰ বাবেও আপুনাৰ খং উঠিব পাৰে কিন্তু এনে পৰিস্থিতিব সৃস্টি নকৰিব যি আপোনাক বিপদত পেলাই ৷ ধ্যান আৰু ভাল গান শুনি মনক শান্ত ৰখাৰ চেষ্টা কৰক ৷
কৰ্কট ৰাশি: ৰোমান্তিক সময়,সাংস্কৃতিক আদান প্ৰদান , বিনোদন আৰু বজাৰ আদিয়ে আপোনাৰ দিনটো আনন্দিত কৰি ৰাখিব ৷ এইটো এটা শুভ দিন ৷ বিদেশৰ পৰা অহা বেলেগ সংস্কৃতিৰ মানুহক লগ পাব আৰু তেওঁৰ দ্বাৰা আপুনি প্ৰভাবিত হ’ব ৷ এইটোৱে পিচত ভাল ফল প্ৰদান কৰিব ৷ব্যবসায়ত উন্নতি আৰু পাবলগীয়া খিনি লাভ কৰিব ৷ সন্মান বৃদ্ধি হ’ব ৷ ভাল খাদ্য আৰু আনন্দৰে আপোনাৰ সাফল্য সকলোৰে লগত ভগাই লওক ৷ শৰীৰ ভালে যাব আৰু এখন নতুন গাড়ি কিনাৰ যোগ আছে ৷
সিংহ ৰাশি:আপোনাৰ ওপৰত গ্ৰহৰ মিশ্ৰিত প্ৰভাব পৰিব ৷ কায্যক্ষেত্ৰত সহকৰ্মি সকলৰ সহযোগিতা লাভ কৰিব ৷ কিন্তু আপোনি ঘৰুৱা নিয়মিত কামবোৰত কিছু বাধা পাব ৷ মামাৰ ঘৰৰ পৰা কিবা বেয়া খবৰ পাব পাৰে বা কৰ্মক্ষেত্ৰত শত্ৰুৰ পৰা বাধা আহিব পাৰে ৷ এই সকলোবোৰি আপোনা উদ্দিগ্ন কৰি তুলিব আৰু আপুনি অমনুযোগি কৰি তুলিব ৷ ঘৰত ডাঙৰ সকলৰ বা কৰ্মক্ষেত্ৰত বচৰ লগত তৰ্ক বিতৰ্কৰ পৰা আতৰি থাকক ৷ সকলোবোৰ যেনেকৈ আছে তেনেকৈয়ে গ্ৰহণ কৰক ,সুখি হ’ব ৷
কন্যা ৰাশি: এইটো এনে এটা দিন যিটো পাৰ হৈ যোৱাই ভাল ৷ সন্তানৰ বাবে আৰু প্ৰিয়জনৰ বাবে চিন্তাই আপোনাক শান্তিত থাকিবলৈ নিদিয়ে ৷ আপোনাৰ শৰীৰ বিশেষকে পেট আৰু লিভাৰৰ অশুখত ভুগিব পাৰে ৷ ব্যায়াম, শৰীৰ আৰু কলাসুলভ কামক বাদ দি আপোনি হথাৎ অহা বিপদ বোৰ থান থিক লগাওতেই সময় যাব ৷ আপোনাৰ প্ৰিয়জনৰ লগত কটোৱা সময়ে আৰু বন্ধুৰ লগত কটোৱা সময়ে আপোনাৰ বাবে ঔষধৰ কাম কৰিব ৷ শান্ত থাকক আৰু কাৰো লগত পৰাপক্ষত বিপদ বোৰৰ কথা আলোচনা নকৰিব ৷ চেয়াৰ আৰু স্টকত পইচা লগোৱাৰ আগতে ভাব চাওক ৷