মেষ ৰাশি: সতৰ্কতা অবলম্বন কৰিব ৷ বন্ধু আৰু ওচৰ চুবুৰীয়াৰ লগত কোনো বৌদ্ধিক আলোচনাত লিপ্ত হ’ব পাৰে ৷ কিন্তু সেয়া বিবাদলৈ ৰূপান্তৰিত হ’ব পাৰে, সেয়ে তাৰ পৰা আঁতৰি থাকক ৷ কোনো চিন্তাই দিনটো আমনি কৰিব ৷ মানসিক আৰু শাৰীৰিক স্থিতি অস্থিৰ হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিব ৷ যোগাসন আৰু ধ্যান কৰি মনটোক শান্ত কৰিব ৷
বৃষ ৰাশি: আৱেগিক হৈ পৰিব ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ লাভ বৃদ্ধি ৷ ব্যয় বৃদ্ধি ৷
মিথুন ৰাশি: মনটো অসন্তুষ্ট আৰু নিৰাশাবাদী হৈ থাকিব ৷ ঘৰুৱা পৰিৱেশ শান্ত হৈ নাথাকিব ৷ শিক্ষাৰ্থীসকলে অধ্যয়নত মনোযোগ দিয়াত সমস্যাৰ সন্মূখীন হ’ব পাৰে ৷ বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷
কৰ্কট ৰাশি: দিনটোৰ প্ৰথমভাগত সতেজ অনুভৱ কৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ আৱেগিক হৈ পৰিব, সাৱধান হওক ৷ দিনটোৰ পিছৰ ভাগত হতাশা আৰু ব্যয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ অবৈধ আৰু অনৈতিক কাৰ্যকলাপৰ পৰা দূৰত থাকক ৷
সিংহ ৰাশি: গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব ৷ কথা কোৱাৰ আগতে ভাবি চাব ৷ আনৰ লগত বিবাদ কৰাৰ পৰা আঁতৰত থাকক ৷ ঘৰুৱা খৰচ বৃদ্ধি ৷ দিনটো প্ৰায় ভাল হ’ব ৷
কন্যা ৰাশি: মানসিক আৰু শাৰীৰিক ভাৱে সুস্থিৰ হ’ব ৷ ব্যক্তিগত আৰু পেচাদাৰী ক্ষেত্ৰত শান্ত হৈ থাকিব ৷ দিনটোৰ পিছৰ ভাগত অলপ খেলিমেলি হ’ব ৷ আইনগত সিদ্ধান্ত লওঁতে বাধাৰ সন্মূখীন হ’ব ৷ সৰ্তক হওঁক, আৰ্থিক ক্ষতিৰ আশংকা আছে ৷