মেষ ৰাশি: আজি আপুনি তজবজীয়া হৈ থাকিব । মানসিক আৰু শাৰীৰিকভাৱে আপুনি সুস্থ হৈ থাকিব । আজি আপুনি যি কামেই কৰিব, তাতেই সফল হ’ব যেন লাগিছে । আপোনাৰ ঘৰুৱা পৰিৱেশ উলহ-মালহেৰে পৰিপূৰ্ণ হৈ থাকিব । পিতৃ-মাতৃৰপৰা ভাল খবৰ পাব পাৰে । তেওঁলোকৰ দ্বাৰা আজি আপুনি উপকৃতও হ’ব পাৰে । আৰ্থিক লাভৰ যোগ । বন্ধু আৰু প্ৰিয়জনৰ সৈতে বাহিৰত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰাৰ কাৰণে দিনটো ভাল ।
বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বিশেষ এটা ভাল নহয় । সকলো ধৰণৰ দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব । শাৰীৰিক সমস্যাত ভুগিব পাৰে । প্ৰিয়জনৰ সৈতে আপোনাৰ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে । যাৰ ফলত আপোনাৰ ঘৰুৱা পৰিৱেশ প্ৰতিকূল হৈ উঠিব । আজি আপুনি নিজৰ কাম শেষ কৰিব নোৱাৰা হ’ব । অধিক ব্যয়ৰ যোগ আছে । কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো ভাল ফল নোপোৱাৰ বাবে আপুনি বিষণ্ণ হৈ পৰিব পাৰে । বিশৃংখল পৰিস্থিতিক এৰাই চলিবলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ভাবি চিন্তি ল’ব ।
মিথুন ৰাশি: বিভিন্ন ধৰণৰ লাভে আজি আপোনাৰ আনন্দক দুগুণ কৰি তুলিব । পত্নী আৰু সন্তানৰপৰা সু-সংবাদ পাব পাৰে । বন্ধু বৰ্গৰ সৈতে সাক্ষাৎ কৰাৰ পিছত আপুনি আনন্দ লাভ কৰিব । বিবাহপ্ৰাৰ্থীসকলে আদৰ্শ জীৱনসংগী বা জীৱনসংগিনী পাব । প্ৰেমত শুভ ৷
কৰ্কট ৰাশি:বৃত্তিধাৰীসকলৰ বাবে আজিৰ দিনটো ফলদায়ক । তেওঁলোকে ঊৰ্ধ্বতনসকলৰ পৰা প্ৰচুৰ সহযোগিতা লাভ কৰিব । পদোন্নতিৰ যোগ । পৰিয়ালৰ লোকৰ সৈতে আপুনি হয়তো গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিব । মাতৃৰ স্বাস্থ্যক লৈ আপুনি চিন্তা কৰিব নালাগে । আপুনি সন্মান আৰু ধন অৰ্জন কৰিব । অত্যাধিক কাম কৰাৰ ফলত আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে । তথাপি আপোনাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে । সাংসাৰিক জীৱন আনন্দময় হৈ থাকিব ।
সিংহ ৰাশি:আজি আপুনি ধৰ্মীয় ক্ৰিয়াকলাপৰ সৈতে যুক্ত হ’ব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে তীৰ্থযাত্ৰাত যোৱাৰ বাবে আজিৰ দিনটো শুভ । আপুনি যদি কোনো কাম কৰিব বুলি ঠিক কৰি লয় তেন্তে সেই কাম শেষ কৰাৰ কাৰণে আপুনি ওতঃপ্ৰোত চেষ্টা কৰিব । আজি আপুনি লক্ষ্যস্থিৰ কৰি কোনো কামত আগবাঢ়ি যাব । নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰক । কৰ্মক্ষেত্ৰত কিছু বাধাৰ সন্মূখীন হ'ব পাৰে ।
কন্যা ৰাশি: আজি নিজৰ মুখত লেকাম টানি ৰাখক । নতুন কোনো কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল নহয় । আজি আপুনি বিৰক্ত হৈ থাকিব, খং উঠি থাকিব আপোনাৰ । পৰিয়ালৰ লোকৰ সৈতে কাজিয়া হোৱাৰ ফলত আপোনাৰ বেয়া লাগি থাকিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক । যিসকলে আপোনাক আঘাত দিব বিচাৰে, তেওঁলোকৰপৰা সাৱধানে থাকিব ।