অসম

assam

By

Published : Jun 17, 2023, 9:33 AM IST

ETV Bharat / bharat

Daily Horoscope For 17th June: আপোনাৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 17th June 2023
আপোনাৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি:আজিৰ দিনটো মধ্যমীয়া । অসাধাৰণ একো নহ’ব, ক’ব গ’লে আজিৰ দিনটো একেবাৰে নিৰস! স্বাস্থ্যও মোটামুটি, বৰ বেয়াও নহয় আকৌ বৰ উজ্জীৱিত যে হৈ থাকিব, সেয়াও নহয় । ব্যয়বৃদ্ধিক লৈ আপুনি চিন্তাত পৰিব পাৰে । আৰ্থিক অৱস্থাৰ অধিক অৱনতি নহ’ব । নেতিবাচক চিন্তাৰপৰা দূৰত থাকক । স্বামীয়ে স্ত্ৰীৰ সৈতে বা স্ত্ৰীয়ে স্বামীৰ সৈতে কথা পতাৰ সময়ত কাজিয়া-বিবাদ এৰাই চলিব আৰু এনেকুৱা কোনো কথা কোৱাৰপৰা বিৰত থাকক, যিবোৰ মনত আঘাত দিব পাৰে । সহকৰ্মীৰ দ্বাৰা উপকৃত হ’ব পাৰে ।

বৃষ ৰাশি: আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব । এই অনুভৱৰ কাৰণ হ’ব পাৰে ৰাতিপুৱা আপুনি কৰা যোগৰ অনুশীলন বা আপোনাৰ নতুন ডিটক্স ডায়েট । অৱশ্যে কি কাৰণত এনেকুৱা লাগি আছে, সেইবোৰক লৈ ইমান ভাবি থাকিব নালাগে, কেৱল এই সুন্দৰ অনুভূতিক উপভোগ কৰি যাওঁক! আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব । এই তজবজীয়া ভাৱৰ কাৰণে আপুনি আজি যি কামৰ দায়িত্ব পাব, সেই কামেই সময়ত শেষ কৰিব পাৰিব । আৰু আজি আপোনাৰ মন বৰ উত্ফুল্ল হৈ আছে কাৰণে আপুনি ক’ব গ’লে সকলো বিষয়তে ভাল সমাধান দিব পৰা হ’ব । আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ আছে বাবে আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব পাৰিব, যি আপোনাৰ বাবে অত্যন্ত ফলদায়ক হ’ব । ঘৰত আৰু কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে ।

মিথুন ৰাশি: আজি শাৰীৰিক আৰু মানসিকভাৱে আপোনাৰ অৱস্থা বৰ ভাল নহয়। আপুনি আজি অশান্তিত থাকিব আৰু প্ৰাণহীন হৈ থাকিব । আপোনাৰ স্বাস্থ্যই, বিশেষকৈ আপোনাৰ চকু আপোনাক কষ্ট দিব পাৰে । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক আজি অপ্ৰীতিকৰ হৈ উঠিব পাৰে । আপুনি যিয়ে কয় বা কৰে, সেই বিষয়ে সজাগ থাকক। ভুল বুজাবুজিৰ প্ৰবল সম্ভাৱনা আছে । অপ্ৰত্যাশিত ঘটনাৰ বাবে সাজু থাকক । আপোনাৰ আজি আয়ৰ তুলনাত ব্যয় অধিক হ’ব । দুশ্চিন্তাত আপুনি আজি অস্থিৰ আৰু উদ্বিগ্ন হৈ থাকিব। অনাৱশ্যক ব্যয় এৰাই চলিব নোৱাৰিব । কাজিয়া বিবাদত লিপ্ত নহ’ব। প্ৰাৰ্থনা আৰু ধ্যান কৰিলে তাৰ ফল পাবই পাব ।

কৰ্কট ৰাশি:আজিৰ দিনটো আপোনাৰ আনন্দ-ফুৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব । ব্যৱসায়-বাণিজ্যত আপুনি সফলতা আৰু জাগতিক লাভ পাব । আপোনাৰ ৰাজহৰ উত্স বৃদ্ধি পাব, আৰু ইয়াক লৈ হয়তো আপুনি আনন্দ-ফুৰ্তিও কৰিব পাৰে । এই ফুৰ্তি হ’ব পাৰে যি কোনো ধৰণৰ । যেনে পৰিয়ালৰ লোক বা বন্ধুৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে বা ব্যৱসায় আৰু আনন্দৰ মিশ্ৰণ থকা পাৰ্টি এখন দিব পাৰে । পুত্ৰ বা আপোনাৰ কনিষ্ঠসকলৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে আজিৰ দিনটো ভাল । ধ্যান কৰাৰ কাৰণে আজি আপুনি সাগৰৰ পাৰত বা নদীৰ পাৰত যোৱাৰ কথা ভাবিব পাৰে। ধন সংগ্ৰহ, বন্ধুৰ সৈতে সাক্ষাত্ আৰু শৰীৰচৰ্চাৰ উদ্যোগ লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল ।

সিংহ ৰাশি: আপুনি এজন আকৰ্ষণীয় ব্যক্তি! আপুনি এয়া নিজেও বিশ্বাস কৰে, আৰু এয়া প্ৰতিফলিত হয় মানুহৰ সৈতে আপোনাৰ আচৰণৰ জৰিয়তে। সিংহ ৰাশিৰ জাতক-জাতিকাসকলে কেতিয়াও আত্মবিশ্বাসৰ অভাৱ অনুভৱ নকৰে, কিন্তু আজি এই আত্মবিশ্বাসৰ যেন উভৈনদী হোৱা দেখিবলৈ পোৱা যাব । লগতে আপোনাৰ এই উজ্জ্বল গুণাৱলীৰ সৈতে যোগ হ’ব আপোনাৰ প্ৰবল ইচ্ছাশক্তি। এই দুয়োৰ ঘাতক সংমিশ্ৰণৰ ফলত আপুনি আজি প্ৰায় সকলো ক্ষেত্ৰতো উত্কৰ্ষ লাভ কৰিব । সেয়া শিল্পকলাই হওক বা খেল ধেমালিয়ে হওক বা ব্যৱসায়েই হওক। আপুনি অসাধাৰণ কাম কৰি দেখুৱাব পাৰিব । পদোন্নতি, পিতৃৰ দ্বাৰা উপকৃত হোৱা, প্ৰশংসা প্ৰাপ্তি, সন্মান বৃদ্ধি ইত্যাদি সকলৰ যোগ আছে। আজিৰ দিনটোক উপভোগ কৰক! আইনী কাগজপত্ৰ তৈয়াৰ কৰাৰ কাম বা কোনো আমোলাতান্ত্ৰিক কাম শেষ কৰাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল ।

কন্যা ৰাশি: আজি আপোনাৰ বাবে সৌভাগ্যই অপেক্ষা কৰি আছে। আপুনি বহুদিনৰেপৰা কোনো ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যোৱাৰ কথা ভাবি আছে, আজি এই যাত্ৰা আৰম্ভ কৰাৰ বাবে বৰ ভাল দিন। আজি আপুনি কোনো আত্মীয়ৰ ঘৰতো যোৱাৰ কথা ভাবিব পাৰে, গ’লে আপোনাৰ ভালহে লাগিব। বান্ধৱী আৰু আত্মীয়াৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা প্ৰবল। তেওঁলোকক লগ ধৰক। আৰু অলপতে লগ নোপোৱা মানুহবোৰকো এৰাই নচলিব। তেওঁলোকৰ সৈতে যোগাযোগ ৰক্ষা কৰিবলৈ অন্তৰৰপৰা প্ৰয়াস পাওঁক। বিদেশত যোৱাৰ কথা যিসকলে ভাবি আছে, তেওঁলোকৰ বাবে সময়টো অনুকূল। বিদেশত বসবাসকাৰী প্ৰিয়জনসকলৰপৰা সুসংবাদ পাব পাৰে। আজি আপোনাৰ ভাই বা ভনীয়ে বিপদৰপৰা উদ্ধাৰ কৰিব। আৰ্থিক দিশত সকলো বৰ ভালেই থাকিব।

তুলা ৰাশি: আজি আপুনি সকলো ধৰণৰ আলাপ-আলোচনাৰ সময়ত নিজৰ উপৰত নিয়ন্ত্ৰণ ৰাখি চলক। আপুনি আজি যিসকলৰ সৈতে কথা পাতিব, তেওঁলোকে আপোনাৰপৰা বহুত কিবা আশা কৰিব বা আপোনাৰ উপৰত প্ৰভাৱ বিস্তাৰৰ চেষ্টা কৰিব । যাৰ ফলত আপোনাৰ খং উঠি যাব পাৰে। এই বিস্ফোৰক ক্ৰোধক নিয়ন্ত্ৰণ কৰিব! লগতে আপোনাৰ মনত চলি থকা বিদ্ৰোহী চিন্তাধাৰাসমূহক আঁতৰ কৰক। অজস্ৰ ভুলৰপৰা শিক্ষা গ্ৰহণ কৰি নিজক শুধৰাই লওঁক, এয়া আপোনাৰ অধিক পৰিপক্ব আৰু বিবেচক কৰি তুলিব। প্ৰথম দৰ্শনতেই আকৰ্ষণীয় যেন লগা নতুন মানুহক লগ পাব পাৰে। সাৱধান, প্ৰথম দৰ্শনতেই মুগ্ধ হৈ নাযাব, নতুন চিনাকী বিশ্বাসযোগ্য নহ’বও পাৰে । তেওঁলোকে হয়তো আপোনাৰ হতুৱাই এনেকুৱা কাম কৰাই ল’ব, যি আপোনাৰ নীতিবিৰুদ্ধ। আধ্যাত্মিকতাৰ মাজত শান্তি বিচাৰি লওঁক, ধনসঞ্চয় কৰক ।

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ স্বাভাৱিক দিনৰ নহয় । বিভিন্ন ধৰণৰ ঘটনা ঘটিব আপোনাৰ লগত আৰু আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব। বন্ধুসকলৰ সংগ উপভোগ কৰিব আৰু তেওঁলোকৰ সৈতে বিলাসী নৈশভোজৰ সৈতে আনন্দ-ফুৰ্তি কৰিব । আজি নিজৰ পছন্দৰ কানি কাপোৰ পিন্ধাৰ নামত ব্যস্ত হৈ থাকিব পাৰে । নিজৰ ৰুচি-পছন্দৰ প্ৰতি যত্নশীল হোৱাৰ সম্ভাৱনা আছে । গাড়ীত উঠি ভ্ৰমণ কৰিলে সুখ-আনন্দ বৃদ্ধি পাব । বিদেশীসকলৰ সৈতে সাক্ষাতত আনন্দ পাব। আত্মীয়-স্বজনৰ সৈতে অনানুষ্ঠানিকভাৱে মিলামিচা হোৱাৰ প্ৰবল সম্ভাৱনা আছে ।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ প্ৰভূত আনন্দ অপেক্ষা কৰি আছে! আপুনি আত্মতুষ্ট হৈ তো থাকিবই লগতে আনৰ প্ৰতিও সন্তুষ্ট হৈ থাকিব। আৰু আপুনি ইতিবাচক মনোভাৱ উপভোগ কৰি থাকিব গোটেই দিনটো। সকলো ধৰণৰ সাংসাৰিক বিষয়ৰ বাবে আজিৰ দিনটো বৰ ভাল । ঘৰৰ পৰিৱেশ আনন্দমুখৰ হৈ থাকিব, যি আপোনাৰ অধিক আনন্দ প্ৰদান কৰিব । স্বাস্থ্য উত্তম, আৰু আপুনি অত্যধিক উজ্জীৱিত হৈ থাকিব। কৰ্মক্ষেত্ৰত আৰু ক্ৰীড়াক্ষেত্ৰত আপুনি সম্পূৰ্ণ ইতিবাচক হৈ থাকিব । কৰ্মক্ষেত্ৰত দিনটো অনুকূল আৰু অফিচত আপুনি সকলো কামত উত্কৰ্ষ সাধন কৰিব, আৰু সহকৰ্মীসকলৰপৰা সহযোগিতাও পাব। আৰ্থিক লাভৰ যোগ আছে ।

মকৰ ৰাশি:গ্ৰহৰ অৱস্থান আজি ভাল নহয় । আজি আপুনি বহুত চিন্তাত থাকিব, ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে । কি কাৰণত এনেকুৱা হৈ আছে সেয়া আপুনি হয়তো নিজেই গম নাপায়। মানসিকভাৱে আপুনি মুঠতে অস্থিৰ হৈ আছে । এই অৱস্থাই আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাক নষ্ট কৰি পেলাব। কৰ্মক্ষেত্ৰত বা ঘৰত আপুনি হয়তো কোনো সংঘাতত লিপ্ত হৈ দুশ্চিন্তাত ভুগিব পাৰে। প্ৰতিপক্ষ বা শত্ৰুৰ সৈতে তৰ্কত নোসোমাব । তেওঁলোকে আপোনাক উত্তপ্ত কৰাৰ চেষ্টা কৰিব, কিন্তু আপুনি মূৰ ঠাণ্ডা কৰি ৰাখিব লাগিব । কৰ্মক্ষেত্ৰত কোনো উচ্চপদাধিকাৰী বিষয়াই কোনো বিষয়ক লৈ নিজৰ অসন্তোষ ব্যক্ত কৰিব পাৰে, ইয়াক লৈ আপুনি আৰু অধিক বিৰক্ত হৈ উঠিব। প্ৰিয়জনসকলৰ অনুকূল উপস্থিতিৰ মাজত শান্তি বিচাৰি লওঁক ।

কুম্ভ ৰাশি:আজি আপুনি আৱেগিক হৈ থাকিব আৰু দুশ্চিন্তাৰ চিকাৰ হ’ব । মানসিক সুখ-শান্তিৰ অভাৱ আপোনাক কষ্ট দি থাকিব । পঢ়ুৱৈসকলে পঢ়াশুনাত সফল হ’ব । আজি আপোনাক যি কাম দিয়া হ’ব, সেই সকলো কামেই আপুনি সময়তে শেষ কৰি ল’ব পাৰিব, যাৰ ফলত সহকৰ্মীসকলৰ মনত আপোনাৰ প্ৰতি শ্ৰদ্ধা বাঢ়িব। মহিলাসকলে নিজৰ শৰীৰ যত্ন লোৱাৰ বাবে স্পা-ত যাব পাৰে বা কোনো মল বা দোকানত গৈ কচমেটিক্সৰ বস্তু কিনিব পাৰে। তেওঁলোকে অৱশ্যে ব্যয়ৰ উপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব । য’ত পৰিপক্বতাৰ প্ৰয়োজন তাত ল’ৰালি নকৰিব । আইনী কাগজপত্ৰ, বিশেষকৈ মাটি, সম্পত্তি বা গাড়ীৰ কাগজ-পত্ৰক লৈ সাৱধানে থাকিব ।

মীন ৰাশি:ঈশ্বৰ আজি আপোনাৰ প্ৰতি সদয় । আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব । কৰ্মক্ষেত্ৰত আপুনি অধিকতম উজ্জ্বল হৈ থাকিব । গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত । দাম্পত্য সুখ আৰু শান্তিৰ প্ৰৱল সম্ভাৱনা । বন্ধুসকলৰ সৈতে আনন্দ-ফুৰ্তি কৰাৰ বাবে সৰুসুৰা ভ্ৰমণৰ যোগ আছে । আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’বই হ’ব । আপোনাৰ প্ৰতিযোগী আৰু শত্ৰুসকলে আপোনাৰপৰা দূৰত থাকিব পাৰে । আপোনাৰ সফলতা নিশ্চিত ।

ABOUT THE AUTHOR

...view details