নেশ্যনেল ডেস্ক,২৪ জুন : উত্তৰ প্ৰদেশৰ মৈনপুৰী জিলাত ভয়ংকৰ ঘটনা । ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে ৬ জন লোকৰ মৃতদেহ । আৰক্ষীয়ে সন্দেহ কৰা মতে পৰিয়ালৰে এজনে প্ৰথমে ৫ জন সদস্যক হত্যা কৰিছে আৰু পাছত আত্মহত্যা কৰিছে । ঘটনাটো কিষাণী আৰক্ষী থানাৰ অন্তৰ্গত গোকুলপুৰ গাঁৱৰ । সমগ্ৰ ঘটনাটোক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
অভিযোগ অনুসৰি শিৱবীৰ যাদৱে পৰিয়ালটোৰ ৫ গৰাকী লোকক হত্যা কৰে আৰু পাছত আত্মহত্যা কৰে । আৰক্ষীয়ে সন্দেহ কৰা মতে শিৱবীৰে তেওঁৰ তিনি ভাতৃ, নৱবিবাহিত ভাতৃৰ পত্নী আৰু এজন বন্ধুক হত্যা কৰে । শিৱবীৰে তেওঁৰ পত্নী আৰু মামীয়েককো আক্ৰমণ কৰে । গুৰুতৰভাৱে আহত দুয়োগৰাকীকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।
জানিব পৰা মতে শিৱবীৰ যাদৱৰ ভাতৃ চনুৰ বিয়া আছিল । ইটাৱাৰ চৌবিয়া অঞ্চলৰ গংগাপুৰ গাঁৱৰ পৰা নতুন বোৱাৰীক লৈ ঘৰলৈ উভতি আহিছিল পৰিয়ালটো । নতুন বোৱাৰীক ঘৰলৈ অনাৰ পাছতে ঘৰখনত আনন্দমুখৰ পৰিৱেশ আছিল ।