নেশ্যনেল ডেস্ক, 21 জুন : দেশত ক’ভিড (COVID-19)ৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পালেও এতিয়াও ক’ভিড (COVID-19)ত মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পোৱা নাই ৷ এনে সময়তে আইআইটি কানপুৰ (IIT Kanpur) ৰ এক অধ্যয়নত পোহৰলৈ আহিছে আন এক নেতিবাচক খবৰ ৷ আইআইটি কানপুৰৰ অধ্যয়নত চলিত বৰ্ষৰ ছেপ্তেম্বৰ-অক্টোবৰ মাহত দেশত পুনৰ ক’ভিড (COVID-19)ৰ তৃতীয়টো ঢৌ অহাৰ ধাৰণা কৰা হৈছে ৷
আইআইটি কানপুৰ (IIT Kanpur)ৰ অধ্যাপক ৰাজেশ ৰঞ্জন আৰু মহেন্দ্ৰ বাৰ্মা (Prof. Rajesh Ranjan and Mahendra Verma) ৰ নেতৃত্বত এটা দলে কৰা অধ্যয়নত পোহৰলৈ আহিছে এই তথ্য ৷ আইআইটি কানপুৰে দাখিল কৰা প্ৰতিবেদন অনুসৰি, উত্তৰ-পূৰ্বাঞ্চল (North-East) ৰ মিজোৰাম, মণিপুৰ, ছিকিমৰ বাহিৰে প্ৰায় প্ৰতিখন ৰাজ্যতে ক’ভিড (COVID-19)ৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে । অধ্যয়নটোত উল্লেখ কৰা হৈছে যে অধিকাংশ ৰাজ্যৰ আক্ৰান্তৰ হাৰ 5 শতাংশতকৈ কম কিন্তু কেৰালা, গোৱা, ছিকিম আৰু মেঘালয়ত এতিয়াও আক্ৰান্তৰ হাৰ 10 শতাংশতকৈ অধিক ।
লগতে পঢ়ক :ডুবাইয়ে ভাৰতকে ধৰি কিছুমান দেশৰ পৰা ভ্ৰমণৰ সীমাবদ্ধতা হ্ৰাস কৰিছে