অসম

assam

By

Published : Apr 30, 2021, 4:54 PM IST

ETV Bharat / bharat

চিকিৎসাৰ অভাৱত মৃত্যু হোৱা ৰোগীৰ পৰিয়াললৈ সমবেদনা ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে চিকিৎসাৰ অভাৱত প্ৰিয়জনক হেৰুওৱা সকলো লোকলৈ সমবেদনা জ্ঞাপন কৰে আৰু কয় যে দেশৰ প্ৰতিখন ৰাজ্যৰ নাগৰিকৰ প্ৰাৰ্থনা আৰু সহানুভূতি তেওঁলোকৰ সৈতে আছে ।

Rahul Gandhi expresses condolences
ৰাহুল গান্ধীৰ বিশেষ টুইট

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল:দেশত অব্যাহত আছে মহামাৰী কৰ'ণাৰ সংক্ৰমণ । দেশত এতিয়ালৈ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ২ লাখৰো অধিক লোকে । দেশবাসীয়ে সন্মুখীন হোৱা এনে জটিল সময়ৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এক বিশেষ টুইট ।

টুইটযোগে নেতাগৰাকীয়ে চিকিৎসাৰ অভাৱত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে । লগতে প্ৰিয়জনক হেৰুওৱা সকলোলৈ সমবেদনা জ্ঞাপন কৰে আৰু কয় যে দেশৰ প্ৰতিখন ৰাজ্যৰ পৰা প্ৰাৰ্থনা আৰু সহানুভূতি তেওঁলোকৰ সৈতে আছে ।

ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ৩ লাখ ৮৬ হাজাৰ ৪৫২ গৰাকী লোক আক্ৰান্ত হৈছে । ইয়াৰ লগে লগে দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ১ কোটি ৮৭ লাখ ৬২ হাজাৰ ৯৭৬ টা । সক্ৰিয় ঘটনা দেশত ৩১ লাখৰ অতিক্ৰম কৰিলে । ইফালে মৃত্যুৰ সংখ্যাও বৃদ্ধি হৈ ২ লাখ ৮ হাজাৰ ৩৩০ টা হৈছে ।

লগতে পঢ়ক:বিশিষ্ট সাংবাদিক ৰোহিত সৰদানাৰ মৃত্যু

ABOUT THE AUTHOR

...view details