নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ: COVID-19 ত আক্ৰান্ত হৈ গুৰুগ্ৰামৰ মেদান্ত হস্পিতালত চিকিৎসাধীন হৈ থকা হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ ICUত চিকিৎসাধীন হৈ থকা মন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাত উন্নতি হৈছে বুলি বৃ্হস্পতিবাৰে চিকিৎসালয়খনৰ অধ্যক্ষ ড০ এ কে দুৱেইয়ে জনায় ৷
ভাৰত বায়'টেকৰ COVID-19 ভেকচিনৰ পৰীক্ষণ টিকা গ্ৰহণ কৰাৰ পিচতে শেহতীয়াকৈ ক'ভিডত আক্ৰান্ত হৈছিল স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷ মেদান্ত হস্পিটেল গুৰুগ্ৰামত চিকিৎসাধীন হৈ থকাত চিকিৎসকৰ এটা দলে মন্ত্ৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে পণ্ডিত ভগৱৎ দয়াল শর্মা স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (পিজিআইএমএছ), ৰোহতকলৈ প্ৰেৰণ কৰিছিল ।