অসম

assam

By

Published : Apr 24, 2021, 11:42 AM IST

ETV Bharat / bharat

ক’ভিড 19: দেশৰ শেহতীয়া তথ্য

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি ভাৰতত যোৱা 24 ঘণ্টাত 3,46,786 গৰাকী ব্যক্তি ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে 2,624 গৰাকী ৰোগীৰ মৃত্যু হয় ৷

covid-19-india-tracker-state-wise-report
covid-19-india-tracker-state-wise-report

নেচনেল ডেস্ক,24 এপ্ৰিল: সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ দেশত প্ৰতিদিনে কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই প্ৰায় এক কোটিৰ সীমা অতিক্ৰম কৰিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত যোৱা 24 ঘণ্টাত 3,46,786 গৰাকী ব্যক্তি নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে 2,624 গৰাকীৰ মৃত্যু ঘটিছে ৷

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, বিগত 24 ঘণ্টাত 2,19,838 গৰাকীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ পৰৱৰ্তী সময়ত দেশত সৰ্বমুঠ 1,66,10,481 গৰাকী লোকৰ ভিতৰত মুঠ 1,38,67,997 গৰাকী আৰোগ্য হোৱাৰ বিপৰীতে 1,89,544 গৰাকী লোকে মৃত্যুবৰণ কৰিছে ৷ আনহাতে, 25,52,940 গৰাকীৰ দেহত কৰ’ণা ভাইৰাছ সক্ৰিয় হৈ আছে ৷

লগতে পঢ়ক : উপযুক্ত চিকিৎসাৰ অভাৱত কলকাতাত মৃত্যু ক'ভিড আক্ৰান্ত মহিলাৰ

ABOUT THE AUTHOR

...view details