নিউজ ডেস্ক, 9 অক্টোবৰ: কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে সোমবাৰে ইজৰাইল বাহিনী আৰু হামাছ উগ্ৰপন্থী সংগঠনৰ মাজত তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনাইছে আৰু পেলেষ্টাইনী জনসাধাৰণে আত্মশাসন, মৰ্যাদা আৰু সন্মানেৰে জীয়াই থাকিবলৈ ভূমিৰ অধিকাৰৰ বাবে দীৰ্ঘদিনীয়া সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰিছে ৷
এক বিবৃতিত কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে কয় যে, “চি ডব্লিউ চিয়ে তাৎক্ষণিক যুদ্ধবিৰতি আৰু বৰ্তমানৰ সংঘাতৰ জন্ম দিয়া আৱশ্যকীয় বিষয়সমূহকে ধৰি সকলো বাকী থকা বিষয়ৰ ওপৰত আলোচনা আৰম্ভ কৰিবলৈ আহ্বান জনাইছে ৷” দেওবাৰে কংগ্ৰেছ দলে ইজৰাইলৰ ওপৰত হোৱা নৃশংস আক্ৰমণক গৰিহণা দিয়ে ।
ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে তেওঁৰ দলটোৱে সদায় বিশ্বাস কৰি আহিছে যে ইজৰাইলীসকলৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তা নিশ্চিত কৰাৰ সমান্তৰালভাৱে আলোচনাৰ জৰিয়তে পেলেষ্টাইনৰ জনসাধাৰণৰ বৈধ আকাংক্ষা পূৰণ কৰিব লাগিব ৷
সূত্ৰ অনুসৰি ইজৰাইল আৰু হামাছ উগ্ৰপন্থী সংগঠনৰ মাজত সোমবাৰে তৃতীয় দিনটোত প্ৰৱেশ কৰা সংঘাতত দুয়োপক্ষৰ ১,১০০ৰো অধিক লোকৰ প্ৰাণহানি হৈছে ৷ শনিবাৰে হামাছে ইজৰাইলত ৰকেট আক্ৰমণ আৰম্ভ কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে গাজাত কৰা বিমান আক্ৰমণত ৫০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ৷ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সোমবাৰে ঘোষণা কৰে যে তেওঁলোকে গাজাত “সম্পূৰ্ণ অৱৰোধ” আৰোপ কৰিব, আৰু এই অৱৰোধত খাদ্য আৰু ইন্ধনৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হ’ব ৷
‘‘গাজা ষ্ট্ৰিপ সম্পূৰ্ণৰূপে ঘেৰাও কৰাৰ নিৰ্দেশ দিছো । বিদ্যুৎ নাথাকিব, খাদ্য আৰু ইন্ধন নাথাকিব, সকলো বন্ধ । আমি মানৱ জীৱনৰ সৈতে যুঁজিছো, আৰু আমি সেই অনুসৰি কাম কৰিছোঁ ৷’’ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গেলেণ্টে এইদৰে কয় ৷
খবৰ অনুসৰি গাজাত ২০ লাখতকৈ অধিক লোক বাস কৰে, যিসকলে ২০০৭ চনৰ পৰা কঠোৰ অৱৰোধৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে যদিও এতিয়া ইজৰাইলৰ ওপৰত হামাছে অপ্ৰত্যাশিতভাৱে কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে গাজাক সকলো যোগানৰ পৰা বঞ্চিত কৰি ইজৰাইলে “সম্পূৰ্ণ ঘেৰাও”ৰ দিশত লক্ষ্য ৰাখিছে ৷
লগতে পঢ়ক :Hamas Attack on Israel : হামাছৰ ভয়ানক গণহত্যা; সংগীত উৎসৱত ২৬০ ইজৰাইলীক গুলীয়াই হত্যা