অসম

assam

ETV Bharat / bharat

One Nation One Election: এক ৰাষ্ট্ৰ, এক নিৰ্বাচন ধাৰণাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ

কংগ্ৰেছ ৰাহুল গান্ধীৰ মতে এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ ধাৰণাটো ভাৰতীয় উইনিয়ন সংঘ আৰু ইয়াৰ সকলো ৰাজ্যৰ ওপৰত আক্ৰমণ । প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ নেতৃত্বত গঠন কৰা সমিতিৰ অংশ হ'বলৈ অস্বীকাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ ।

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 5:25 PM IST

One nation one election idea
এক ৰাষ্ট্ৰ, এক নিৰ্বাচন ধাৰণাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ

নেশ্যনেল ডেস্ক,৩ ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' ধাৰণাক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে । বিজেপি চৰকাৰক বিৰোধীয়ে সমালোচনাও কৰা দেখা গৈছে ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । দেওবাৰে এক্সত এটা পোষ্টত ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ ধাৰণাটো ভাৰতীয় ইউনিয়ন আৰু সকলো ৰাজ্যৰ ওপৰত আক্ৰমণ । ৰাহুল গান্ধীৰ মতে ইণ্ডিয়া অৰ্থাৎ ভাৰত হৈছে ৰাজ্যসমূহৰ এক ইউনিয়ন । এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ ধাৰণাটো উইনিয়ন আৰু ইয়াৰ সকলো ৰাজ্যৰ ওপৰতে আক্ৰমণ বুলি গান্ধীয়ে অভিযোগ কৰে ।

'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' ধাৰণাক লৈ কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন সমিতি গঠন কৰিছে যিয়ে একেলগে লোকসভা আৰু ৰাজ্যিক নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনাৰ ওপৰত পৰ্যালোচনা কৰিব । ইফালে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ইতিমধ্যে এই সমিতিৰ অংশ হ'বলৈ অস্বীকাৰ কৰিছে । তেওঁ ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেক সমিতিত স্থান নিদিয়াৰ বাবেও দুখ প্ৰকাশ কৰিছে ।

আনহাতে চৰকাৰে খাৰ্গেৰ পৰিৱৰ্তে বিৰোধী দলৰ প্ৰাক্তন নেতা গোলাম নবী আজাদক সমিতিত অন্তৰ্ভুক্ত কৰিছে । চৰকাৰে শনিবাৰে লোকসভা, ৰাজ্যৰ বিধানসভা, পৌৰসভা আৰু পঞ্চায়তসমূহৰ একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো পৰীক্ষা আৰু পৰামৰ্শ দিবলৈ ৮ জনীয়া সমিতিখন গঠন কৰে ।

সমিতিখনে সংবিধান, জনপ্ৰতিনিধিত্ব আইন আৰু আন যিকোনো আইন আৰু নিয়ম পৰীক্ষা কৰিব আৰু পৰামৰ্শ দিব যাৰ দ্বাৰা একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে সংশোধনৰ প্ৰয়োজন হ'ব । সংবিধানৰ সংশোধনৰ বাবে ৰাজ্যসমূহৰ দ্বাৰা অনুমোদনৰ প্ৰয়োজন হ'ব নেকি সেয়াও সমিতিখনে পৰীক্ষা কৰিব আৰু পৰামৰ্শ দিব ।

সমিতিখনে একেলগে নিৰ্বাচনৰ ক্ষেত্ৰত সংসদৰ অস্থিৰতা, অনাস্থা প্ৰস্তাৱ গ্ৰহণ বা দলত্যাগ বা এনে ধৰণৰ আন যিকোনো পৰিস্থিতিৰ সম্ভাৱ্য সমাধান বিশ্লেষণ কৰাৰ লগতে এই সন্দৰ্ভত পৰামৰ্শ দিব ।

লগতে পঢ়ক :Special Session of Parliament: সংসদৰ বিশেষ অধিৱেশনৰ বিশেষত্ব কি ?

ABOUT THE AUTHOR

...view details