নেশ্যনেল ডেস্ক, 3 মাৰ্চ :পশ্চিমবংগৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বাটোৱাৰা সম্পৰ্কত কিছু পৰিমাণে সিদ্ধান্তত উপনীত হৈছে কংগ্ৰেছ আৰু আইএছএফ দল ৷ তথাপিও কিছুমান সমষ্টি সম্পৰ্কত আলোচনা বৰ্তমানেও বাকী আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে ৷
নতুনকৈ গঠিত ইণ্ডিয়ান ছেকুলাৰ ফ্ৰন্ট (ISF) দলে পূৰ্বে কংগ্ৰেছক 15 খন আসন দাবী কৰিছিল যদিও কেৱল 5 খন আসন দিবৰ বাবেহে কংগ্ৰেছে সন্মতি জনাইছিল ৷
কিন্তু শেহতীয়া আলোচনাত কংগ্ৰেছে আঠখন আসন প্ৰদান কৰিবলৈ মান্তি হয় যদিও আব্বাছ ছিদ্দিকী নেতৃত্বাধীন ISF দলে আৰু দুই-তিনিখন আসন দাবী কৰিছে ৷
কংগ্ৰেছৰ এজন নেতাই কয়, "আলোচনাসমূহ যোগাত্মকভাৱে সম্পন্ন হৈছে আৰু আমি 'সাম্প্ৰদায়িক' বিজেপি আৰু 'অগণতান্ত্ৰিক' টিএমচিক পৰাস্ত কৰিবলৈ একত্ৰিতভাৱে যুঁজিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ সকলোৱে নিৰ্বাচনত সফলতা লাভৰ বাবে আলোচনাৰ প্ৰয়োজনীয়তা বুজি পাইছে ৷"