নিউজ ডেস্ক, ২০ জুলাই : বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে মণিপুৰত মহিলাৰ ওপৰত হোৱা হিংসাৰ ভাইৰেল হোৱা ভিডিঅ'ৰ ওপৰত চু-মটোৰ কথা বিবেচনা কৰিছে । দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে এই ঘটনা অতিশয় দুখজনক আৰু যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাত বিফল হয়, তেন্তে ন্যালয়ে পদক্ষেপ গ্ৰহণ কৰিব লাগিব । আনহাতে, উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰা ভাইৰেল হোৱা এই জঘন্য ভিডিঅ'ৰ সমালোচনা কৰে মুখ্য ন্যায়াধীশে । উল্লেখ্য যে ভাইৰেল হোৱা ভিডিঅ'টোত দেখা গৈছে যে অপৰাধীসকলে দুগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ উপৰি উলংগ কৰি ৰাইজৰ মাজত সমদল কৰি লৈ গৈছে ।
এই সন্দৰ্ভত মুখ্য ন্যায়াধীশে কয় যে সাংবিধানিক গণতন্ত্ৰত এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় । লগতে কৰ্তৃপক্ষক তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু কি পদক্ষেপ লোৱা হৈছে সেই বিষয়ে আদালতক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে । "এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় । সাম্প্ৰদায়িক বিবাদৰ ক্ষেত্ৰত মহিলাসকলক এক আহিলা হিচাপে ব্যৱহাৰ কৰা, গভীৰভাৱে বিচলিত কৰা ঘটনা আৰু আদালতৰ বাবে ই কেতিয়াও গ্ৰহণযোগ্য নহয়...। এইটো মানৱ অধিকাৰ উলংঘনৰ সৰ্বাধিক পৰ্যায়... চৰকাৰক কাম কৰিবলৈ কিছু সময় দিয়া হওক, অন্যথা আমি ব্যৱস্থা গ্ৰহণ কৰিম...।" মুখ্য ন্যায়াধীশে কয় ।