ক'ভিড মহামাৰীৰ মহা সংকটৰ সময়ত বিৰোধী দল সমূহে অতি দায়িত্বশীল ভাৱে কাম কৰি আছে । প্ৰায় দহদিন আগতে সকলো বিৰোধী দলে কেন্দ্ৰীয় চৰকাৰক সকলো চিকিৎসালয়লৈ অক্সিজেনৰ নিৰন্তৰ সৰবৰাহ আৰু সমগ্ৰ দেশতে সামগ্ৰীক কৰ’ণা প্ৰতিশেধক প্ৰদানৰ বাবে অনুৰোধ জনাইছিল । এই অনুৰোধৰ প্ৰতি নিৰুৎসাহ দেখুওৱাৰ পিছত চাৰিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু 12 টা বিৰোধী দলে এই অনুৰোধক গুৰুত্ব সহকাৰে লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পুনৰ পত্ৰও প্ৰেৰণ কৰে ।
ক'ভিড মহামাৰীৰ লগত যুঁজাৰ বাবে বাজেটত নিৰ্ধাৰণ কৰা 35,000 কোটি টকা শীঘ্ৰেই মুকলাই দিয়াৰ দাবী কৰাৰ উপৰিও বিৰোধী দল সমূহে কেন্দ্ৰীয় চৰকাৰক ভাইৰাছৰ বিৰুদ্ধে যুঁজা তথা ভাইৰাছটোক নিৰ্মূল কৰাৰ বাবেও অনুৰোধ জনাইছে । এক ভয়লগা আৰু দুখজনক পৰিস্থিতিত পৰি সকলো বিৰোধী দলেই কেন্দ্ৰীয় চৰকাৰৰ ওপৰত একেলগে হেঁচা দিয়া দেখা গৈছে ।
কৰ’ণা প্ৰতিশেধক উৎপাদনৰ বাবে জনাজাত হোৱা দেশখনত আজি কৰ’ণা প্ৰতিশেধকৰ নাটনি হোৱা আৰু ইয়াৰ অভাৱ নিশ্চয়কৈ সঠিক পৰিকল্পনাৰ অভাৱকেই প্ৰমাণিত কৰে । যোৱা কিছু দশক ধৰি আমাৰ দেশে বহু ৰাষ্ট্ৰীয় কৰ’ণা প্ৰতিশেধক প্ৰদান আঁচনি ৰূপায়ন কৰি আহিছে ।
অলপতে সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্নও কৰিছে যে, কিয় কৰ’ণা প্ৰতিশেধক প্ৰদানৰ বাবে আন আন প্ৰতিশেধক প্ৰদান আঁচনিৰ দৰে আঁচনি হাতত লোৱা হোৱা নাই । ন্যায়ালয়ে মহামৰীয়ে আৰ্থিক সংকটৰ মুখলৈ ঠেলি দিয়া দুখীয়া শ্ৰেণীৰ লোক সকলক প্ৰতিশেধক প্ৰদানৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই বিষয়েও চৰকাৰক প্ৰশ্ন কৰে । এই সময়ত বিৰোধী দল সমূহৰ সংবিধানে প্ৰদান কৰা জীৱনৰ প্ৰতি সুৰক্ষাৰ অধিকাৰ ৰক্ষাৰ বাবে কৰা দাবী নিশ্চয়কৈ সমর্থনযোগ্য ।
এই সময়ত পৰিস্থিতি বিশ্লেষণ কৰিলে দেখা যায় যে,কৰ’ণা প্ৰতিশেধকৰ অভাৱ জুলাই মাহলৈকে থকাটো স্বাভাৱিক আৰু আনহাতে অক্সিজেনৰ নাটনি আৰু আন আন জীৱনদায়ীনি ঔষধৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহক বিশ্বাসত লৈ পৰিস্থিতি চম্ভালাৰ চেষ্টা কৰাটো খুবেই প্ৰয়োজনীয় ।