অসম

assam

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰিল বিবাহযাত্ৰীৰ বাছ: নিহত 25

By

Published : Oct 5, 2022, 10:52 AM IST

উত্তৰাখণ্ডত শোকাবহ দুৰ্ঘটনা(Bus accident in Uttarakhand) ৷ কইনা আনিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰিল বিবাহযাত্ৰীৰ বাছ ৷ লাইটৰ ব্যৱস্থা নথকাত মোবাইলৰ ফ্লেছ লাইটৰ সহায়ত নিশা উদ্ধাৰ অভিযান উদ্ধাৰকাৰী দলৰ ৷

Bus with 50 passengers falls into deep gorge
নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰিল বিবাহযাত্ৰীৰ বাছ

নিউজ ডেস্ক, 5 অক্টোবৰ: উত্তৰাখণ্ডত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা(Bus accident in Uttarakhand) ৷ উত্তৰাখণ্ডৰ পাউৰী গড়ৱাল জিলাত এখন বিবাহযাত্ৰীৰ বাছ প্ৰায় 500 মিটাৰ দ খাৱৈত পৰি যোৱাৰ ফলত প্ৰায় 25 জন লোক নিহত হয় । বিবাহযাত্ৰীৰ বাছখন লালধাঙৰ পৰা বিৰোনখালৰ এখন গাঁৱলৈ গৈ থকা সময়তে চিমৰি বেণ্ডৰ ওচৰত দুৰ্ঘটনাটোৰ সংঘটিত হয়(Wedding Bus fell into ditch ) ।

মঙলবাৰে সন্ধিয়া প্ৰায় 7.30 বজাত দুৰ্ঘটনাটো সংঘটিত হৈছিল । এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী আৰু এছ ডি আৰ এফৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ আনহাতে উদ্ধাৰকাৰী দলেটোৱে বৰ্তমানলৈ প্ৰায় 21 জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

নিশা দুৰ্ঘটনাটো সংঘটিত হোৱাৰ বাবে উদ্ধাৰ অভিযান চলোৱাৰ ক্ষেত্ৰত উদ্ধাৰকাৰী দল তথা স্থানীয় লোক বহু অসুবিধাৰ সন্মুখীন হয় ৷ দুৰ্ঘটনাস্থলীত লাইটৰ কোনো ব্যৱস্থা নাছিল, যাৰবাবে গাঁৱৰ লোকে মোবাইলৰ ফ্লেছ লাইটৰ সহায়ত বাছৰ ভিতৰত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ বহু অসুবিধাৰ সন্মুখীন হয় ৷ উদ্ধাৰকাৰী দলে হতাহতৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও(Uttarakhand CM Pushkar Singh Dhami) এই ঘটনাত শোক প্ৰকাশ কৰিছে ৷ জানিব পৰা মতে, লালধাঙৰ শিৱ মন্দিৰৰ নিকটৱৰ্তী স্বৰ্গীয় নন্দ ৰামৰ পুত্ৰ সন্দীপৰ বাবে কইনা আনিবলৈ পাউৰী জিলাৰ কান্দা গাঁৱলৈ ৰাওনা হৈছিল বিবাহযাত্ৰীৰ দলটো । বাছখনত প্ৰায় 46 ৰ পৰা 50 বৰযাত্ৰী আছিল, আনহাতে দৰা সন্দীপ গাড়ীখনতে আছিল । কিন্তু কইনাৰ ঘৰ পোৱাৰ পূৰ্বে বিৰোনখালৰ চিমদি বেণ্ডৰ ওচৰত চালকে নিয়ন্ত্ৰণ হেৰুৱাত গাড়ীখনৰ এটা দ খাৱৈত বাগৰি পৰে(Bus falls into deep gorge) ।

লগতে পঢ়ক:উত্তৰকাশীত হিমস্খলন হৈ ১০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু

ABOUT THE AUTHOR

...view details