নেশ্য়নেল ডেস্ক, 7 জানুৱাৰী :ত্ৰিপুৰা ফ্ৰন্টিয়াৰ বিএছএফৰ আৰক্ষী মহাপৰিদৰ্শক সুশান্ত নাথে আশা কৰে যে, ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তত কাঁইটীয়া তাঁৰৰ আধৰুৱা কাম অতি সোনকালেই সমাপ্ত হ'ব আৰু অহা বৰ্ষত ইয়াৰ কাম সম্পূৰ্ণ হৈ উঠিব ৷
বিএছএফৰ বাৰ্ষিক সংবাদমেল সম্বোধনত আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে কয়, "বৰ্ডাৰ গাৰ্ডছ অৱ বাংলাদেশে (BGB) আপত্তি দৰ্শোৱা কিছু অঞ্চলত কাঁইটীয়া তাঁৰৰ কাম 5 শতাংশ বাকী আছে ৷ এই সম্পৰ্কত BGB ৰ সৈতে আলোচনা কৰি সমস্যাৰ সমাধান কৰা হ'ব ৷ নৱেম্বৰত আমি (BSF-BGB) এক মহাপৰিদৰ্শক পৰ্যায়ৰ বৈঠকত মিলিত হৈছিলো আৰু এই বিষয়টো আলোচনা কৰিছিলো ৷ আমি আশা কৰিছো যে, সমস্যাটো অতি সোনকালে সমাধান হ'ব আৰু অহা বছৰ পৰ্যন্ত কাঁইটীয়া তাঁৰৰ কাম সমাপ্ত হ'ব ৷"
2020 বৰ্ষত BSF ৰ সফলতা সম্পৰ্কত সুশান্ত নাথে কয়, "2020 চনত ক'ভিড মহামাৰীৰ ফলত সমগ্ৰ বিশ্বই সন্মুখীন হোৱা জটিলতা সম্পৰ্কত সকলো জ্ঞাত ৷ বিএছএফ ত্ৰিপুৰা ফ্ৰন্টিয়াৰেও এই সময়ছোৱাত বহু জটিলতাৰ সন্মুখীন হৈছিল ৷ তথাপিও আমি সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ সহযোগিতাত আমি সকলো সমস্যাৰে যুঁজিবলৈ সক্ষম হ'লো ৷ বিএছএফ ত্ৰিপুৰা ফ্ৰন্টিয়াৰৰ 1531 গৰাকী জোৱান কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷"