নিউজ ডেস্ক, 1 নৱেম্বৰ: দেশত হ্ৰাস পোৱা নাই ক'ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ যোৱা 24 ঘন্টাত দেশত নতুনকৈ 31,118 জন লোক ক'ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 482 জন লোকৰ ৷ ইয়াৰ লগে লগে দেশত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা 94,62,809 জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা 1,37,621 জনলৈ বৃদ্ধি পায় ৷
দেশত বৰ্তমানে কৰ'ণা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা 4,35,603 জন ৷ ইয়াৰ লগতে দেশত বৰ্তমানে কৰ'ণামুক্ত হৈছে 88,89,585 জন ক'ৰণা ৰোগী ৷
ইফালে দেশৰ ভিতৰত ক'ৰণা ভয়াৱহতাৰ শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ ৷ মহাৰাষ্ট্ৰত 18,23,896 জন লোক ক'ৰণাত আক্ৰান্ত হৈছে ৷ ইয়াৰ পিচতে আছে দিল্লী, কেৰালা, পশ্চিম বংগ, ৰাজস্থান, উত্তৰ প্ৰদেশ, হাৰিয়ানা, আৰু ছত্তীশগড় ।