অসম

assam

By

Published : Oct 24, 2020, 9:16 AM IST

ETV Bharat / bharat

পৰম বীৰ চক্ৰ চুবেদাৰ যোগীন্দৰ সিঙৰ নামত উচৰ্গিত যুদ্ধ স্মাৰক

শুকুৰবাৰে অৰুণাচলৰ ব’ম লাত পৰম বীৰ চক্ৰ চুবেদাৰ যোগীন্দৰ সিঙৰ নামত যুদ্ধ স্মাৰক উদ্ঘাটন ৷ 1962 চনৰ ভাৰত-চীনৰ যুদ্ধত সৰ্বোচ্চ বলিদান দিয়া যোদ্ধাগৰাকীৰ নামত উচৰ্গা কৰা হয় এই যুদ্ধ স্মাৰকখন ৷

War memorial of braveheart Subedar Joginder Singh inaugurated
পৰম বীৰ চক্ৰ চুবেদাৰ যোগীন্দৰ সিঙৰ নামত উচৰ্গিত যুদ্ধ স্মাৰক

নিউজ ডেস্ক,24 অক্টোবৰ : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ব’ম লাত শুকুৰবাৰে পৰম বীৰ চক্ৰৰে সন্মানিত চুবেদাৰ যোগীন্দৰ সিঙৰ নামত এখন যুদ্ধ স্মাৰক উদ্ঘাটন কৰা হয় ৷

পৰম বীৰ চক্ৰ চুবেদাৰ যোগীন্দৰ সিঙৰ নামত উচৰ্গিত যুদ্ধ স্মাৰক

অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ নেতৃত্বত তাইৱান জিলাৰ ত্যাগ স্বীকাৰ কৰা চুবেদাৰ যোগীন্দৰ সিঙৰ নামত উচৰ্গা কৰা হয় এই যুদ্ধ স্মাৰকখন ৷

উল্লেখ্য যে,1962 চনত 23 অক্টোবৰত টোংপেন লা (ব’ম লা)ত হোৱা ভাৰত-চীনৰ যুদ্ধৰ ফলশ্ৰুতিত সেই দিনটোতেই যুদ্ধ স্মাৰকখনৰ উদ্ঘাটন কৰা হৈছে ৷

পৰম বীৰ চক্ৰ চুবেদাৰ যোগীন্দৰ সিঙৰ নামত উচৰ্গিত যুদ্ধ স্মাৰক

যুদ্ধ স্মাৰক মুকলিৰ সময়ত উপস্থিত থাকে চুবেদাৰ যোগীন্দৰ সিঙৰ পৰম পুত্ৰী কুলৱন্ত কৌৰ,মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু আৰু বহু শীৰ্ষ ৰাজনৈতিক নেতা-কৰ্মী ৷

মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে কয় যে,1962 চনৰ যুদ্ধত সৰ্বোচ্চ বলিদান দিছিল চুবেদাৰ যোগীন্দৰ সিং,পৰম বীৰ চক্ৰ আৰু তেওঁৰ সহযোগীসকলে ৷

GOC,Ball of Fireয়ে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুক ধন্যবাদ জ্ঞাপন কৰি বিশ্বাস প্ৰদান কৰে ৷ তেওঁ কয় যে,ভাৰতীয় সেনা যিকোনো আকস্মিক পৰিস্থিতিৰ বাবে সাজু হৈ আছে ৷

লগতে পঢ়ক :গুজৰাটত বহুকেইটা প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ABOUT THE AUTHOR

...view details