অসম

assam

ETV Bharat / bharat

আইনী প্ৰক্ৰিয়া সমাধান নোহোৱালৈ প্ৰত্যাৱৰ্তন নকৰে বিজয় মালিয়াক

যুক্তৰাষ্ট্ৰীয় আদালতৰ আইনী প্ৰক্তিয়া সমাপ্ত নোহোৱা পৰ্যন্ত বিজয় মালিয়া ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰে বুলি ব্ৰিটিছ হাই কমিচনাৰৰ মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে । সেই প্ৰক্তিয়াৰ কেতিয়া সমাপ্তি ঘটিব সেই সম্পৰ্কেও কোনো ধৰণৰ ধাৰণা নাই বুলি উল্লেখ কৰে ।

vijay-mallyas-extradition-cant-take-place-until-legal-issues-resolved-british-high-commission-spox
আইনী প্ৰক্ৰিয়া সমাধান নোহোৱা পৰ্যন্ত ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰে বিজয় মালিয়াই

By

Published : Jun 4, 2020, 5:17 PM IST

নিউজ ডেস্ক, ৪ জুন :বিদেশত আত্মগোপন কৰি থকা বিজয় মালিয়াই ভাৰতলৈ আহিবলৈ বিচাৰিছে যদিও বিশেষ কিছু আইনী প্ৰক্ৰিয়াৰ বাবে ভাৰতলৈ আহিবলৈ অনুমতি পোৱা নাই । বৃহস্পতিবাৰে ভাৰতৰ ব্ৰিটিছ হাই কমিচনাৰৰ মুখ্যপাত্ৰ গৰাকীয়ে জনোৱা অনুসৰি,তেওঁৰ বিৰুদ্ধে যুক্তৰাষ্ট্ৰীয় আইনৰ অধীনৰ আইনী সমস্যা সমাধান নোহোৱা পৰ্যন্ত ভাৰতলৈ আহিব নোৱাৰে । তেখেতে আকৌ জনাই যে,তেওঁৰ বিৰুদ্ধে চলি থকা যুক্তৰাষ্ট্ৰীয় আদালতৰ গোচৰ কেতিয়া নিস্পৃত্তি হ'ব সেই সম্পৰ্কেও কোনো ধৰণৰ ধাৰণা নাই বুলি মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে । কিন্তু তেওঁলোকে সেই গোচৰ অনতিপলমে নিস্পৃত্তি কৰাৰ বাবে চেষ্টা চলাই থকা বুলি উল্লেখ কৰে ।

আইনী প্ৰক্ৰিয়া সমাধান নোহোৱা পৰ্যন্ত ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰে বিজয় মালিয়াই

উল্লেখযোগ্য যে,বিজয় মালিয়া ভাৰত প্ৰত্যাৱৰ্তনৰ বাবে যুক্তৰাষ্ট্ৰীয় আদালতত আপিল কৰা হৈছিল । পৰৱৰ্তী আইনী প্ৰক্তিয়া সমাপ্ত হ'লেই ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰিব বুলি মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক : সামাজিক দুৰত্বক ভেঙুচালি কৰি বানাক্ৰান্ত ৰাইজৰ খবৰ ল'লে ৰাজনৈতিক নেতাই

ABOUT THE AUTHOR

...view details