অসম

assam

ETV Bharat / bharat

সফলভাৱে সম্পূৰ্ণ বন্দে ভাৰত মিছনৰ দ্বিতীয় পৰ্যায়

বন্দে ভাৰত আঁছনিৰ তৃতীয় পৰ্যায়ত এয়াৰ ইণ্ডিয়াৰ মুঠ ৭০ খন বিমান চলিব। এই বিমানসমূহেৰে আমেৰিকা,কানাডা আদিকে ধৰি কেইবাখনো বহিঃৰাষ্ট্ৰত আবদ্ধ হৈ থকা লোকসকলক ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হ'ব । ১১ জুনৰ পৰা ৩০ জুনলৈ এই সেৱা উপলব্ধ হ'ব।

By

Published : Jun 4, 2020, 4:33 PM IST

Vande bharat mission
সফলভাৱে সম্পূৰ্ণ বন্দে ভাৰত মিছনৰ দ্বিতীয় পৰ্যায়

নিউজ ডেস্ক, ৪ জুনঃকেন্দ্ৰীয় চৰকাৰৰ বন্দে ভাৰত আঁচনিৰ জৰিয়তে দেশলৈ উভতাই অহা হৈছে বিদেশত আবদ্ধ বহু লোকক। ইতিমধ্যে এই আঁচনিৰ দ্বীতিয় পৰ্যায়ত ১৮ মে'ৰ পৰা ২ জুনলৈ কুৱেইত,আবু ধাবি,ডুবাই,চিংগাপুৰ,দোহা,চানফ্ৰেনছিচকো,মেলবৰ্ণ আদিকে ধৰি বহুকেইখন বহিঃৰাষ্ট্ৰৰ চহৰৰ পৰা দেশলৈ উভতাই অনা হৈছে বহু ভাৰতীয় নাগৰিকক। মুঠ ২৩ খন বিমানাৰে ভাৰতলৈ উভতাই অনা হৈছে লোকসকলক।

সফলভাৱে সম্পূৰ্ণ বন্দে ভাৰত মিছনৰ দ্বিতীয় পৰ্যায়

কোভিড-১৯ সংকটৰ সময়ত গৃহ মন্ত্ৰণালয়ৰ গাইডলাইন অনুসৰি বহিঃৰাষ্ট্ৰৰ পৰা দেশলৈ উভতাই অনা হৈছে লোকসকলক। বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে সকলো যাত্ৰীকে স্ক্ৰীণিঙৰ ব্যৱস্থা কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰোৱা হয়।

উল্লেখ্য যে, বন্দে ভাৰত আঁছনিৰ তৃতীয় পৰ্যায়ত এয়াৰ ইণ্ডিয়াৰ মুঠ ৭০ খন বিমান চলিব। এই বিমানসমূহেৰে আমেৰিকা,কানাডা আদিকে ধৰি কেইবাখনো বহিঃৰাষ্ট্ৰত আবদ্ধ হৈ থকা লোকসকলক ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হ'ব। ১১ জুনৰ পৰা ৩০ জুনলৈ এই সেৱা উপলব্ধ হ'ব।

লগতে চাওকঃ কৰিমগঞ্জৰ ৰাজহুৱা স্থানত উদ্ধাৰ ব্যৱহৃত পিপিই কিট

ABOUT THE AUTHOR

...view details