অসম

assam

ETV Bharat / bharat

উত্তৰাখণ্ডত ডাৱৰৰ বিস্ফোৰণ: আকাশমাৰ্গেৰে চলিচে উদ্ধাৰ অভিযান

বুধবাৰে উত্তৰাখণ্ডত হোৱা ডাৱৰৰ বিস্ফোৰণৰ ফলত ৰাজ্যখনত বহ সংখ্যক গাঁও ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে । আকাশমাৰ্গেৰে অভিযান চলাই আহত সকলক উদ্ধাৰ কৰি ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

Uttarakhand cloudburst sparks airborne rescue operation
উত্তৰাখণ্ডত ডাৱৰৰ বিস্ফোৰণ: আকাশমাৰ্গেৰে চলিচে উদ্ধাৰ অভিযান

By

Published : Aug 6, 2020, 7:02 PM IST

নিউজ ডেস্ক,৬আগষ্ট: বুধবাৰে হোৱা এক ডাৱৰৰ বিস্ফোৰণত উত্তৰাখণ্ডৰ পিথুৰাগড় জিলাৰ বহুকেইখন গাঁও অধিক ক্ষতিগ্ৰস্ত হৈছে । ইতিমধ্যে গাঁওসমূহত আকাশমাৰ্গেৰে উদ্ধাৰ অভিযান আৰম্ভ কৰি আহত সকলক চিকিৎসাৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিলে শীৰ্ষ বিষয়াই ।

জিলাখনৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে, ডাৱৰ বিস্ফোৰণত বংগপানী নামৰ এখন গাঁৱত গুৰুতৰভাৱে আহত হোৱা এগৰাকী মহিলাক হেলিকপ্টাৰ যোগে ধৰচোলা মৌজাৰ এখন কমিউনিটি স্বাস্থ্য কেন্দ্ৰলৈ নি চিকিৎসাধীন কৰা হৈছে । জানিব পৰা মতে, ডাৱৰ বিস্ফোৰণৰ পাছত গাঁওসমূহত সৃষ্টি হোৱা বান সদৃস পৰিবেশৰ বাবে পানীত বহু লোক আবদ্ধ হৈ পৰিছিল ।

ইফালে ধৰচুলাৰ উপ দণ্ডাধীশ অনিল কুমাৰে জানিবলৈ দিয়া মতে, বেয়া বতৰৰ মাজতে অঞ্চলটোত এখন দলং ভাঙি যোৱাৰ ফলত ক্ষতিগ্ৰস্ত গাঁও সমূহলৈ উদ্ধাৰ অভিযানৰ বাবে যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে । তথাপি আমি হেলিকপ্টাৰ যোগে উদ্ধাৰ অভিযান চলাই গৈছো ।

ABOUT THE AUTHOR

...view details