অসম

assam

ETV Bharat / bharat

আফগানিস্তানৰ আভ্যন্তৰীণ দিশত ভাৰতৰ ভূমিকা বিচাৰিছে আমেৰিকাই !

আমেৰিকাৰ আফগানিস্তান ৰিকনচিলেশ্বনৰ বিশেষ প্ৰতিনিধি ৰাষ্ট্ৰদূত জালমে খালিজাদে নতুন দিল্লী ভ্ৰমণ কৰাৰ এদিন পাচতে বিশেষ সূত্ৰই জনোৱা অনুসৰি যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ ৰাজনৈতিক প্ৰক্ৰিয়াত ভাৰতে সক্ৰিয় ভূমিকা পালন কৰাটো আমেৰিকাই বিচাৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু বৈদেশিক সচিব হৰ্ষ শৃংলাৰ সৈতে বৃহস্পতিবাৰে হোৱা খালিজাদৰ বৈঠক সন্দৰ্ভত সূত্ৰটোৱে কয়— “এই আলোচনা জৰুৰী আছিল । নহ’লে খালিজাদে পাচতো আহিব পাৰিলেহেঁতেন । কিন্তু মাত্ৰ কেইঘণ্টামানৰ বৈঠকৰ বাবে তেওঁ ইমান দূৰৰ পৰা আহিছে ।”

US Keen For India To Play Larger Internal Role In Afghan
US Keen For India To Play Larger Internal Role In Afghan

By

Published : May 9, 2020, 6:16 PM IST

ভাৰতবৰ্ষই তালিবান আৰু পাকিস্তানৰ আলোচনাৰ মেজৰ পৰা সদায় নিজকে দূৰত ৰাখি আহিছে আৰু কৈ আহিছে যে ভাল আৰু বেয়া তালিবান বুলি কোনা পাৰ্থক্য নাই । কিন্তু সূত্ৰই দাবী কৰা অনুসৰি আমেৰিকাই ভাৰতবৰ্ষক আভ্যন্তৰীণ ৰাজনৈতিক দিশৰ লগতে তালিবানৰ বিষয়টোৰ প্ৰতি মন দিয়াটো বিচাৰে । এগৰাকী চৰকাৰী বিষয়াই এই বিষয়ে এনেদৰে কয় “আভ্যন্তৰীণ ঘটনা-পৰিঘটনা, নিৰাপত্তাজনিত বিষয়, আমেৰিকা-তালিবানৰ আলোচনাৰ প্ৰভাৱ, আফগানিস্তানৰ বাবে বিভিন্ন ব্যৱস্থাৰ প্ৰস্তাৱ আদি সামগ্ৰি সামগ্ৰিক বিষয় সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰে হোৱা বৈঠকত আলোচনা কৰা হয় ।”

ডহাত মোল্লা বৰাদাৰ আৰু তেওঁৰ দলটোক লগ কৰি ইছলামাবাদ হৈ ট্ৰাম্পৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ জ্যেষ্ঠ সঞ্চালক লিছা কাৰ্টিছৰ সৈতে খালিজাদে নতুন দিল্লীলৈ আহে ।

আফগানিস্তানৰ আভ্যন্তৰীণ বিষয়ক আলোচনা ক্ষীপ্ৰতৰ কৰাৰ বাবে ট্ৰাম্প প্ৰশাসন আগ্ৰহী । ইপিনে দেশখনে COVID-১৯ৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে আফগানিস্তানত নিৰাপত্তাৰক্ষী আৰু চৰকাৰী বাহিনীৰ ওপৰত তালিবানৰ আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাত তালিবানৰ সৈতে আলোচনাত জটিলতা আহিছে । সূত্ৰৰ মতে, সন্ত্ৰাসবাদৰ ফলত আফগানিস্তানৰ প্ৰতি অহা ভাবুকি, নিৰাপত্তাৰক্ষীৰ ওপৰত তালিবানৰ ক্ৰমবৰ্দ্ধমান আক্ৰমণ, আফগানিস্তানৰ সাংবিধানিক বিষয়ৰ লগতে চৰকাৰ, নিৰাপত্তাৰক্ষী আৰু সমাজৰ ওপৰত এইবোৰৰ প্ৰভাৱ আদি বিষয়ে খালিজাদে ভাৰতীয় আলোচনাকাৰীসকলক অৱগত কৰে ।

সূত্ৰৰ ফালৰ পৰা জানিবলৈ দিয়া অনুসৰি ভাৰতে আফগানিস্তানত শান্তি আৰু পুনৰ গঠনৰ বাবে গঠনমূলক ভূমিকা পালন কৰা বুলি আমেৰিকাই প্ৰশংসা কৰে । আফগান ৰাষ্ট্ৰপতি আশ্ৰফ ঘণিৰ সৈতে ভাৰতৰ সৌহাৰ্দ্যপূৰ্ণ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষই দেশখনৰ এই আলোচনাৰ প্ৰক্ৰিয়াত অংশ লৈ ফলপ্ৰসূভাৱে অৱনদান যোগাব লাগে বুলিও আমেৰিকাৰ ফালৰ পৰা জনায় ।

বৃহস্পতিবাৰে হোৱা এই দ্বিপাক্ষিক আলোচনাত অলপতে কাবুলৰ এক গুৰুদ্বাৰত হোৱা আক্ৰমণত ২৫ জন লোক নিহত হোৱাৰ লগতে দেশখনত হিন্দু আৰু শিখ সংখ্যালঘুসকলৰ দুৰৱস্থাৰ বিষয়েও আলোচনা কৰা হয় । তাৎপৰ্যপূৰ্ণভাৱে খালিজাদৰ ভ্ৰমণৰ এদিন পাচতে বেইজিংস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বিক্ৰম মিস্ৰীয়ে চীনৰ আফাগানিস্তানস্থিত বিশেষ ৰাষ্ট্ৰদূতৰ সৈতে আলোচনাত ভাগ লয় ।

এই সন্দৰ্ভত মিস্ৰীয়ে টুইট কৰি এনেদৰে কয়—“কূটনৈতিক সম্পৰ্ক চলি থাকিব লাগিব । আনকি মাস্কৰ ক্ষেত্ৰতো এয়া অব্যাহত থাকিব । আমাৰ দুয়োখন দেশৰ বাবে গুৰুত্বপূৰ্ণ এটা বিষয়ত ৰাষ্ট্ৰদূত লিউ জিয়ানৰ সৈতে বৈঠকত ভাগ লৈ আনন্দিত ।”

আনহাতে সূত্ৰই সদৰী কৰা অনুসৰি COVID-১৯ ৰ সংহাৰ আৰু বিশ্বজুৰি লকডাউন থকাৰ মাজতে চাবাহাৰ বন্দৰ চলি আহিছে আৰু ভাৰতৰ পৰা মানৱীয় দৃষ্টিভংগীৰে আফগানিস্তানলৈ সামগ্ৰী যোগান ধৰাত বিশেষ ভূমিকা পালন কৰিছে । চৰকাৰী সূত্ৰই প্ৰকাশ কৰামতে ভাৰতে ইৰানৰ চাবাহাৰ বন্দৰেৰে আফগানিস্তানলৈ ৭৫ হাজাৰ টন ঘেঁহু যোগান ধৰিছে । ইয়াৰে পাঁচ হাজাৰ টন যোৱা মাহত প্ৰেৰণ কৰা হোৱাৰ বিপৰীতে ১০ হাজাৰ টন বৃহস্পতিবাৰে পঠিওৱা হয় । ইয়াৰ উপৰি একেটা বন্দৰৰ যোগেদি মানৱীয় সাহায্য হিচাপে ভাৰতে আফগানিস্তানলৈ চাহ আৰু চেনি প্ৰেৰণৰ বাবেও চেষ্টা অব্যাহত ৰাখিছে ।

লেখিকা : স্মিতা শৰ্মা, সাংবাদিক, নতুন দিল্লী

লগতে পঢ়ক :WWII ৰ বাৰ্ষিকী উপলক্ষ্যে পুটিনলৈ কিম জঙৰ পত্ৰ

ABOUT THE AUTHOR

...view details