নেশ্যনেল ডেস্ক, 17 মাৰ্চ : কেন্দ্ৰীয় মন্ত্ৰী ভি. মুৰলীধৰণ কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছিল যদিও ইতিমধ্যে তেওঁক ইয়াৰ পৰা মুক্ত বুলি ঘোষণা কৰা হৈছে ৷
কেৰালাৰ কিছুসংখ্যক কৰ'ণাভাইৰাছত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শত অহা চিকিৎসকৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ বাবে বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰীগৰাকীক নতুন দিল্লীত আছুতীয়া কক্ষত ৰখা হৈছিল ৷
শনিবাৰে মন্ত্ৰীগৰাকীয়ে শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউটত কেইবাজনো চিকিৎসকৰ সৈতে বৈঠকত মিলিত হৈছিল৷