অসম

assam

ETV Bharat / bharat

কোভিড-১৯ৰ বাবে আমেৰিকাত এইচ ওৱান বি ৰোজগাৰ বীজা স্থগিত

কোভিড-১৯ৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড্ৰনাল্ড ট্ৰাম্পে আমেৰিকাত কৰ'ণা মহামাৰীৰ বাবে কৰ্ম সংস্থাপন হেৰুওৱা লোকৰ বাবে এইচ ওৱান বি ৰোজগাৰ বীজা স্থগিত কৰাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । নিৰ্দেশনা অনুসৰি,দেশখনৰ বাহিৰৰ লোকক এইচ ওৱান বিৰ অধীনত কাম কৰিবলৈ বাধা প্ৰদান কৰিব পাৰিব ।

By

Published : Jun 12, 2020, 6:46 PM IST

trump-considering-suspending-h1b-other-visas-report
trump-considering-suspending-h1b-other-visas-report

নিউজ ডেস্ক, ১২ জুন : কোভিড-১৯ৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড্ৰনাল্ড ট্ৰাম্পে আমেৰিকাত কৰ'ণা মহামাৰীৰ বাবে কৰ্ম সংস্থাপন হেৰুওৱা লোকৰ বাবে এইচ ওৱান বি ৰোজগাৰ বীজা স্থগিত কৰাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

কোভিড-১৯ ৰ বাবে আমেৰিকাত এইচ ওৱান বি ৰোজগাৰ বীজা স্থগিত

দ্য ওৱাল ষ্টিট জাৰ্নেলত প্ৰকাশ পোৱা অনুসৰি,প্ৰস্তাৱিত স্থগিতা বীজা নতুন বিত্তীয় বৰ্ষ আৰম্ভ নোহোৱালৈ স্থগিত কৰা হৈছে । উক্ত নিৰ্দেশনা অনুসৰি,পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত কোনো দেশখনৰ বাহিৰৰ লোকক এইচ ওৱান বিৰ অধীনত কাম কৰিবলৈ বাধা প্ৰদান কৰিব পাৰিব । এইচ ওৱান বি হৈছে এনেকুৱা এখন বীজা যি আমেৰিকাৰ প্ৰতিষ্ঠান সমূহে বিদেশৰ লোকক কাম কৰিবলৈ প্ৰদান কৰে ।

দেশখনৰ এই সিদ্ধান্তত ভাৰতৰ অধিক লোক ক্ষতিগ্ৰস্থ হোৱাৰ সম্ভাৱনা কৰা হৈছে । কিয়নো এই বীজাৰ অধীনত ভাৰতৰ বহু লোক কাম কৰি আছে ।

আনহাতে,হুৱাইট হাউছৰ ফালৰ পৰা জনোৱা অনুসৰি,বৰ্তমানলৈ কোনো চূড়ান্ত সিদ্ধান্ত হোৱা নাই যদিও এই বিষয়ত পৰামৰ্শদান কমিটি গঠন কৰি দিয়া হৈছে ।

লগতে পঢ়ক : আমাজন প্ৰাইমত মুক্তি লাভ কৰিলে বলীউডৰ পূৰ্ণ দৈৰ্ঘৰ ছবি 'গুলাবো চিটাবো'

ABOUT THE AUTHOR

...view details