নিউজ ডেস্ক,৯ আগষ্ট:উৎকট গৰমৰ মাজতে সহস্ৰাধিক প্ৰতিবাদী ইজৰাইলি লোকে পথৰ ওপৰত অৱস্থান কৰি নেটান্যাহুৰ পদত্যাগ দাবী কৰিলে ।
মহামাৰী ক'ৰণাৰ লগত হোৱা যুদ্ধখনত বিফল হোৱাৰ অভিযোগেৰে বিৰোধ কৰি প্ৰতিবাদকাৰী সকলে ক'লে, দূৰ্নীতিৰ অভিযোগৰ শুনানিৰ সময়ত তেওঁ এই পদত থকাটো উচিত নহয় ।
দেশখনৰ অৰ্থনৈতিক সংকটত ক্ষতিগ্ৰস্ত ব্যক্তিগত প্ৰতিস্থানৰ কৰ্মী সকলেও ভাগ লৈছিল এই প্ৰতিবাদী মিচিলত । নেটান্যাহুৱে এই বিক্ষোভ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল যদিও বিক্ষোভকাৰীৰ একতা আৰু অধিকহে দেখিবলৈ পোৱা গ'ল ।
শনিবাৰে নিশা প্ৰতিবাদকাৰী সকলে ইজৰাইলি পতাকা উৰুৱাৰ লগতে নেটেন্যাহুৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়া পৰিলক্ষিত হয় । দুই এখন প’ষ্টাৰত এই ধৰণে উল্লেখ কৰিলে যে, অভিযুক্ত মন্ত্ৰীৰ লগতে নেটান্যাহুক বিচাৰৰ পৰা বাহিৰত ৰখা হৈছে । কাষৰে এটা অট্টালিকাত আঁৰি থোৱা আন এখন বেনাৰত দেখা গ'ল, বালফ'ৰ আমাৰ লগত আছে, তাৰোপৰি নেটান্যাহুৰ অৱস্থিতিক লৈও আমাৰ হাতত আছে অধিক তথ্য ।
প্ৰতিবাদকাৰী সকলে নেটান্যাহুৰ চৰকাৰৰ দুৰ্নীতি আৰু সন্মিলিত চৰকাৰখনে নাগৰিকৰ অভাৱক উপলব্ধি কৰাৰ ক্ষেত্ৰত বিফল হোৱাৰো অভিযোগ তুলিলে । প্ৰায় ১০০০ৰো অধিক প্ৰতিবাদকাৰীয়ে কেচৰিয়া চহৰৰ সাগৰৰ পাৰত থকা বাসগৃহটোৰ কাষত থকা পথৰ ওপৰতে কৰিছিল প্ৰতিবাদ । প্ৰতিবাদ স্থলীত আৰক্ষীৰ উপস্থিতি দেখিবলৈ পোৱা গৈছিল যদিও স্তব্ধ হোৱা নাছিল প্ৰতিবাদীৰ কণ্ঠ । অৱশ্যে কোনো হিংসাত্মক ঘটনা ঘটাৰ খবৰ অহা নাই ।
লগতে পঢ়ক :বাইহাটা মদনপুৰ টোল গেটৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ