নিউজ ডেস্ক,3 জানুৱাৰী:হিলসাৰ আশুতোষ কুমাৰ মানৱনৱম শ্ৰেণীত থকাৰ পৰাই সামাজিক কৰ্মৰ লগত জড়িত হৈ আহিছে ৷ কুমাৰে অধিকাংশ সময়েই এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ ভ্ৰমণ কৰে আৰু প্লাষ্টিক ব্যৱহাৰৰ ফলত সাধাৰণ লোকৰ কেনেধৰণৰ ক্ষতিসাধন হ'ব পাৰে সেই বিষয়ে লোকসকলৰ মাজত শিক্ষা তথা সজাগতা সৃষ্টি কৰে ৷
তেওঁ নিজৰ দৰ্শক সকলৰ মাজত বয়স্ক লোককে ধৰি শিশু সকলকো অন্তৰ্ভুক্ত কৰে ৷ কিয়নো বিদ্যালয় সমূহত তেওঁ বিভিন্ন পন্থাৰে শিশু সকলক আকৰ্ষিত কৰিব পৰা পদ্ধতি অৱলম্বন কৰে ৷
তেওঁ শিশু সকলৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃ সকলৰ লগতো প্লাষ্টিকৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া সমূহৰ বিষয়ে আলোচনা কৰে আৰু পৰিৱেশৰ বাবে ক্ষতিকাৰক প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিজ্ঞাবদ্ধ হ'বলৈ কয় ৷