অসম

assam

জিলা প্ৰশাসনক হাই এলাৰ্ট জাৰী তেলেংগানা চৰকাৰৰ

By

Published : Oct 14, 2020, 9:35 AM IST

তেলেংগানাৰ মুখ্য সচিব সোমেশ কুমাৰে সকলো জিলা কালেক্টৰ, আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু সকলো জিলা প্ৰশাসনকে সজাগ হৈ থাকিবলৈ সতৰ্ক কৰি দিছে ৷ প্ৰচুৰ বৃষ্টিপাতৰ ফলত বানৰ কৱলত পৰিছে তেলেংগানা ৷

Telangana govt orders district administration to be on high alert
জিলা প্ৰশাসনক হাই এলাৰ্ট জাৰী তেলেংগানা চৰকাৰৰ

নেশ্যনেল ডেস্ক, 14 অক্টোবৰ : প্ৰচুৰ বৃষ্টিপাতৰ বাবে তেলেংগানাৰ মুখ্য সচিব সোমেশ কুমাৰে সকলো জিলা কালেক্টৰ, আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু সকলো জিলা প্ৰশাসনকে সজাগ হৈ থাকিবলৈ সতৰ্ক কৰি দিছে ৷

মঙলবাৰে নিশা এক বাৰ্তা প্ৰেৰণেৰে কুমাৰে বিষয়ববীয়া সকলক জনায়, "মুখ্যমন্ত্ৰীয়ে ফোন যোগেৰে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় ৷ তেওঁ সকলো জিলা প্ৰশাসনকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে ৷ প্ৰচুৰ বৃষ্টিপাতৰ ফলত জনজীৱন ব্যাহত হৈছে ৷ যোৱা 24 ঘন্টাত হায়দৰাবাদৰ বহু অঞ্চলত 20 চেন্টিমিটাৰৰ বৰষুণ হৈছে ৷ বহু দূৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা হৈছে ৷"

কুমাৰে লগতে কয়, "গছ খহি পৰাৰ লগতে বিদ্যুতৰ খুটা খহি পৰিলে সাধাৰণ জীৱন ব্যাহত হ'ব পাৰে ৷ জলাশয়, পুখুৰী আৰু জান-জুৰি সমূহ পানীৰে উপচি পৰিলে নিম্নস্তৰীয় অঞ্চলসমূহ পানীয়ে ধুৱাই নিয়াৰ লগতে দলং আৰু বাট-পথ খহাই নিব ৷ ট্ৰেফিক আৰু জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব ৷"

আনহাতে, বান সম্পৰ্কীয় প্ৰট'কল কঠোৰভাৱে অনুসৰণ কৰি সজাগ হৈ থাকিবলৈ কালেক্টৰ আৰু আৰক্ষী অধীক্ষক সকলক নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ ইয়াৰোপৰি, নিম্নস্তৰীয় অঞ্চলসমূহৰ দলং আৰু ট্ৰেফিক তথা ৰাস্তা-পথসমূহৰ ওপৰত দৃষ্টি দিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

প্ৰচুৰ বৰষুণৰ ফলত হায়দৰাবাদৰ বান্দৱাগুদাত এটা বাসগৃহ খহি পৰি শিশুসহ আঠজনকৈ লোক নিহত হোৱাৰ লগতে সন্ধানহীন হৈছে তিনিজন ৷

লগতে পঢ়ক :লাডাখৰ সূচিলত ভাৰত-চীনৰ কামণ্ডাৰ পৰ্যায়ৰ সপ্তমলানি বৈঠক সম্পন্ন

ABOUT THE AUTHOR

...view details