অসম

assam

By

Published : Jun 21, 2020, 6:51 AM IST

ETV Bharat / bharat

তেলেংগানাৰ মুখ্যমন্ত্ৰী 22 জুনত যাব শ্বহীদ কৰ্ণেলৰ গৃহলৈ

22 জুনলৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দশেখৰ ৰাওৱে 15 জুনত চীনা সীমান্তত শ্বহীদ হোৱা সেনা কৰ্ণেল সন্তোষ বাবুৰ গৃহলৈ গৈ পৰিয়ালক সাক্ষাৎ কৰিব ৷

তেলেংগানাৰ মুখ্যমন্ত্ৰী 22 জুনত যাব শ্বহীদ কৰ্ণেলৰ গৃহলৈ
তেলেংগানাৰ মুখ্যমন্ত্ৰী 22 জুনত যাব শ্বহীদ কৰ্ণেলৰ গৃহলৈ

নিউজ ডেস্ক, 21 জুনঃ 15 জুনত লাডাখৰ গালৱান উপত্যকাৰ ভাৰত চীন সীমান্তত চীনা সেনাৰে হোৱা হতা-হতিত প্ৰাণ হেৰুওৱা শ্বহীদ সেনা কৰ্ণেল সন্তোষ বাবুৰ গৃহলৈ 22 জুনত যাব তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দশেখৰ ৰাও ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে শ্বহীদ কৰ্ণেল গৰাকীৰ পত্নীৰ হাতত অৰ্পণ কৰিব 5 কোটি টকাৰ এক কালীন সাহায্যৰ ছেক ৷

শ্বহীদ কৰ্ণেল গৰাকী পৰিয়াললৈ তেওঁ 5 কোটি টকা প্ৰদান কৰাৰ কথা 18 জুনতেই ঘোষণা কৰিছিল ৷ আনহাতে আন 19 গৰাকী শ্বহীদ পৰিয়াললৈ তেওঁ 10 লাখকৈ টকা আগবঢ়াইছে ৷

শ্বহীদ কৰ্ণেল গৰাকীয়ে পত্নীৰ লগতে এটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানক এই সংসাৰত এৰি থৈ যায় ৷

লগতে পঢ়কঃ ইউপিৰ ডায়েল১১২ৰ কৰ্মচাৰীৰ দেহত ক'ভিড-১৯ পজিটিভঃ ৪৮ ঘণ্টালৈ বন্ধ কাৰ্যালয়

ABOUT THE AUTHOR

...view details