অসম

assam

ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰিব সুশীল মোডীয়ে

By

Published : Dec 2, 2020, 1:03 PM IST

বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী আৰু ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুশীল মোডীয়ে আজি মনোনয়ন দাখিল কৰিব । মনোনয়ন দাখিলৰ সময়ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি সঞ্জয় জয়ছৱালৰ লগতে কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক উপস্থিত থাকিব ।

ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰিব সুশীল মোডীয়ে
ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰিব সুশীল মোডীয়ে

নেশ্যনেল ডেস্ক, ২ ডিচেম্বৰ: বুধবাৰে ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে এনডিএৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিব বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল মোডীয়ে । পাটনাত আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব মোডীয়ে । মনোনয়ন দাখিলৰ সময়ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি সঞ্জয় জয়ছৱাল, উপ-মুখ্যমন্ত্ৰী তাৰ্কিশোৰ প্ৰসাদ, ৰেণু দেৱী আৰু আন কেইবাগৰাকীও মন্ত্ৰীয়ে সুশীল মোডীৰ সৈতে উপস্থিত থাকিব । প্ৰাক্তন মুখ্যমন্ত্ৰী জীতন ৰাম মাঁঝি, ভি আই পি অধ্যক্ষ আৰু মন্ত্ৰী মুকেশ সাহানীসহ আন কেইবাগৰাকীও বিধায়কেও সুশীল মোডীক সংগ দিব ।

বিজেপিৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে, সকলো মন্ত্ৰী, বিধায়ক আৰু দলীয় নেতা দিনৰ ১১.৩০ বজাত দলৰ কাৰ্যালয়ত একত্ৰিত হ'ব আৰু কাৰ্যালয়ৰ পৰাই সুশীল মোডীৰ মনোনয়ন দাখিলৰ বাবে আয়ুক্তৰ কাৰ্যালয়লৈ যাব । লোক জনশক্তি পাৰ্টীৰ নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাশ পাছোৱানৰ বিয়োগৰ পিছত খালী হৈ থকা আসনত অধিষ্ঠিত কৰাৰ বাবে সুশীল মোডীক বিজেপিয়ে প্ৰক্ষেপ কৰিছে । অহা ১৪ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:পৰিয়ালৰ লোকক চোকা অস্ত্ৰৰে হত্য়া বিহাৰৰ এজন লোকৰ

ABOUT THE AUTHOR

...view details