অসম

assam

ETV Bharat / bharat

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনা:ভগ্নী প্ৰিয়ংকাৰ ভাষ্য বাণীবদ্ধ কৰিলে EDয়ে

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ জ্যেষ্ঠ ভগ্নী প্ৰিয়ংকা সিঙৰ ভাষ্য বাণীবদ্ধ কৰিলে EDয়ে। সুশান্তৰ বেংক একাউণ্টৰ পৰা কৰা ধনৰ লেনদেন সন্দৰ্ভত সোধ-পোছ কৰে।

By

Published : Aug 21, 2020, 5:43 PM IST

সুশান্তৰ জ্যেষ্ঠ ভগ্নী প্ৰিয়ংকা সিঙৰ ভাষ্য বাণীবদ্ধ
সুশান্তৰ জ্যেষ্ঠ ভগ্নী প্ৰিয়ংকা সিঙৰ ভাষ্য বাণীবদ্ধ

নেশ্যনেল ডেস্ক,২১আগষ্ট:অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত থকাৰ মাজতে অভিনেতাজনৰ জ্যেষ্ঠ ভগ্নী প্ৰিয়ংকা সিঙৰ ভাষ্য বাণীবদ্ধ কৰিলে EDয়ে। এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটৰ সূত্ৰই জনোৱা মতে, সুশান্তৰ বেংক একাউণ্টৰ পৰা হোৱা ধনৰ লেনদেন সন্দৰ্ভত প্ৰিয়ংকাক সোধ-পোচ কৰা হৈছে। প্ৰয়াত অভিনেতাজনৰ ফিক্সড ডিপ'জিটৰ বিষয়েও প্ৰশ্ন কৰা হৈছে জ্যেষ্ঠ ভগ্নী প্ৰিয়ংকাক।

উল্লেখ্য যে, বুধবাৰে সুশান্তৰ পিতৃ কে কে সিঙৰ ভাষ্যও বাণীবদ্ধ কৰিছিল। ইয়াৰ পূৰ্বে সুশান্তৰ চৰ্চিত প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী, ৰিয়াৰ ভাতৃ সৌভিক, পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তী, সন্দীপ শ্ৰীধৰ, সুশান্তৰ প্ৰাক্তন সহায়ক, ৰিয়াৰ সহায়ক শ্ৰুতি মোদী, ৰিতেশ শ্বাহ, সুশান্তৰ লগত একেটা ফ্লেটতে বাস কৰা সিদ্ধাৰ্থ আৰু ছেমুৱেল মিৰান্দাকো সোধ-পোচ কৰিছিল। বিহাৰ আৰক্ষীক সুশান্তৰ পিতৃয়ে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিতে তদন্ত অব্যাহত ৰাখিছে EDয়ে। কে কে সিঙে সুশান্তৰ কটাক মহিন্দ্ৰ বেংকত থকা একাউণ্টৰ পৰা ১৫কোটি টকা স্থানান্তৰ অথবা উলিয়াই অনাৰ অভিযোগ উত্থাপন কৰি যোৱা ২৫জুলাইত গোচৰ দিছিল। যোৱা ৩১ জুলাইত ৰিয়া চক্ৰৱৰ্তী আৰু ৰিয়াৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে।

লগতে পঢ়ক:সুশান্ত সিং ৰাজপুত ঘটনাঃ মুম্বাই অভিমুখে ৰাওনা চি বি আইৰ দল

ABOUT THE AUTHOR

...view details