অসম

assam

ETV Bharat / bharat

বিনা বেতনে তিনিমাহৰ বাবে নিলম্বন স্পাইছজেটৰ কৰ্মচাৰী!

বিমান সেৱা স্পাইছজেটে ৰটোশ্বেনেল মাধ্যমত আগন্তুক তিনি মাহৰ বাবে অস্থায়ীভাৱে নিলম্বন কৰিব বহু সংখ্যক কৰ্মচাৰীক । ৫০,০০০ টকাৰ ওপৰত দৰমহা লাভ কৰা কৰ্মচাৰীক তিনিমাহৰ বাবে নিলম্বন কৰিব স্পাইছজেটে ।

By

Published : Apr 19, 2020, 4:37 PM IST

SpiceJet
বিনা বেতনে তিনিমাহৰ বাবে নিলম্বন স্পাইছজেটৰ কৰ্মচাৰী!

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ বিমান সেৱা স্পাইছজেটে আগন্তুক তিনি মাহৰ বাবে অস্থায়ীভাৱে নিলম্বন কৰিব বহু সংখ্যক কৰ্মচাৰীক । মাহিলী ৫০,০০০ হাজাৰতকৈ অধিক দৰমহা পোৱা কৰ্মচাৰীক কোনো ধৰণৰ দৰমহা নিদিয়াকৈ ৰটেশ্যনেল মাধ্যমত তিনি মাহৰ বাবে নিলম্বন কৰিব স্পাইছজেটে । দেওবাৰে এই কথা ঘোষণা কৰে বিমান সেৱা প্ৰতিষ্ঠানটোৱে ।

বিনা বেতনে তিনিমাহৰ বাবে নিলম্বন স্পাইছজেটৰ কৰ্মচাৰী!

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি,এপ্ৰিল মাহৰ দৰমহা সেইসকল কৰ্মচাৰীকহে দিয়াৰ সম্ভাৱনা আছে যিসকল এপ্ৰিল মাহত কৰ্মত নিয়োজিত হৈ আছিল । উল্লেখ্য যে, মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা লক ডাউন বাবেই সমগ্ৰ দেশজুৰি ২৫ মাৰ্চৰ পৰা সকলো বাণিজ্যিক বিমান সেৱা বন্ধ কৰি ৰখা হৈছে ।

লগতে পঢকঃ

অসমত প্ৰতি ১০ লাখৰ ১২০ জনকৈ লোকৰ তেজৰ নমুনা পৰীক্ষা

ABOUT THE AUTHOR

...view details