অসম

assam

By

Published : Mar 13, 2019, 10:54 AM IST

ETV Bharat / bharat

স্পইচজেটে বাতিল কৰিলে বয়িং 737 মেক্স বিমানৰ উৰণ

মঙলবাৰে চিভিল এভিয়েচনৰ সঞ্চালক প্ৰধানে বয়িং 737 মেক্স 8 বিমানৰ সেৱা বাতিল কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাইছে স্পইচজেটৰ

স্পইচজেটে বাতিল কৰিলে বোয়িং 737 মেক্স বিমানৰ সেৱা

নিউজ ডেস্ক, 13 মাৰ্চ: দেওবাৰে ইথুপীয়ান এয়াৰালাইঞ্চৰ বিমান দুৰ্ঘটনাত পতিত হৈ 157 জন লোকৰ মৃত্যু হোৱাৰ পিছতে স্পইচজেটে বাতিল কৰিলে বোয়িং 737 মেক্স বিমানৰ সেৱা ৷ চিভিল এভিয়েচনৰ সঞ্চালক প্ৰধানে মঙলবাৰে সাময়ীকভাৱে বোয়িং 737 মেক্স 8 বিমানৰ সেৱা বাতিল কৰা সিদ্ধান্তৰ প্ৰতি সহাৰি জনাই এই সিদ্ধান্ত স্পইচজেটৰ ৷

চিভিল এভিয়েচন মন্ত্ৰনালয়ে জনাই যে 12 খন বোয়িং 737 মেক্স বিমানৰ সেৱা ৱাতিল কৰা হৈছে ৷ বিমানকেইখনত জাবতিয় পৰিবৰ্তন আৰু সুৰক্ষা ব্যৱস্থাৱলী সমূহ অন্তৰ্ভুক্ত নকৰা পৰ্যন্ত বিমানকেইখনৰ সেনা ভাৰতত বন্ধ থাকিব ৷

উললেখ্য যে কম ইন্ধনত চলা বিমানখন বোয়িংৰ ইতিহাসৰ সৰ্বাধিক বিক্ৰী হোৱা বিমান ৷ বিমান প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে কম সময়তে পৃথিৱীৰ 100 গ্ৰাহকৰ পৰা 4700 অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷

ABOUT THE AUTHOR

...view details