নিউজ ডেস্ক , 21 মে':আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 28 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ কংগ্ৰেছ হাইকামাণ্ড ছোনিয়া গান্ধী, কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী , আৰু প্ৰিয়ংকা গান্ধীয়ে মঙলবাৰে পুৱা বীৰভূমিত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে ৷
আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 28 সংখ্যক মৃত্যু বাৰ্ষিকী
কংগ্ৰেছ হাইকামাণ্ড ছোনিয়া গান্ধী , ৰাহুল গান্ধী , আৰু প্ৰিয়ংকা গান্ধী সহ বহু কেইজন বিশিষ্ট ব্যক্তি প্ৰয়াত ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত কৰা স্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকে ৷
ইয়াৰোপৰিও প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং , প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীও এই শ্ৰদ্ধাজ্ঞলি অনুষ্ঠানত উপস্থিত থাকি প্ৰয়াত ৰাজীৱ গান্ধীক পুষ্পাঞ্জলী অৰ্পণ কৰে ৷ ভাৰত ৰত্নৰে সন্মানিত ৰাজীৱ গান্ধীয়ে 1984-1989 চনলৈকে 6 সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে দেশ খনলৈ সেৱা আগবঢ়াইছিল ৷ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাচত 1984 চনত ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ চম্ভালি লৈছিল ৷ উল্লেখ্য যে 1991 চনৰ 21 মে'ত তামিলমাডুত অনুষ্ঠিত এখন নিৰ্বাচনী ৰেলীত , এল টি টি ই'ৰ দ্বাৰা এক আত্মঘাটি বোমা বিস্ফোৰণত ৰাজীৱ গান্ধীৰ মৃত্যু হৈছিল ৷