নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ :কংগ্ৰেছৰ অন্তৱৰ্তীকালিন সভানেত্ৰী ছোনিয়া গান্ধীয়ে 9 ডিচেম্বৰত তেওঁৰ জন্মদিন পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কৃষক বিদ্ৰোহ আৰু কৰ'ণা মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷
কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, কংগ্ৰেছৰ সাধাৰণ সচিব সন্থাই ৰাজ্যসমূহৰ কংগ্ৰেছৰ মুৰব্বীৰ সৈতে আলোচনা কৰি জনাইছে যে, ক'ভিড-19 আৰু চলিত কৃষক আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি ছোনিয়া গান্ধীয়ে এইবৰ্ষৰ জন্মদিন পালন নকৰে ৷
ছোনিয়াই এক বাৰ্তা প্ৰেৰণ কৰি কয়, "চৰকাৰৰ কঠোৰ আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ কৃষকসকলে অতি কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে, সেয়েহে অন্নদাতাসকলক সমৰ্থন জনাই তেওঁলোকৰ সমস্যাসমূহ নাইকিয়া কৰিবলৈ চেষ্টা কৰাৰ লগতে সাহাৰ্য প্ৰদান কৰা উচিত ৷"