অসম

assam

By

Published : Aug 13, 2020, 3:56 PM IST

ETV Bharat / bharat

নাক বজাৰ বাবেই 65 বছৰীয়া পিতৃক হত্যা কৰিলে পুত্ৰই

লোকজনৰ হত্যাকাৰী জ্যেষ্ঠ পুত্ৰ নবীনক আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ 302(হত্যা) ধাৰাৰ আধীনত গ্ৰেপ্তাৰ কৰিছে ৷

নাক বজাৰ বাবেই 65 বছৰীয়া নিজ পিতৃক হত্যা কৰিলে পুত্ৰই
নাক বজাৰ বাবেই 65 বছৰীয়া নিজ পিতৃক হত্যা কৰিলে পুত্ৰই

নিউজ ডেস্ক, 13 আগষ্টঃহত্যাৰ অপৰাধত এজন28 বছৰীয়া যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ যুৱক জনে নিজৰ 65 বছৰীয়া বৃদ্ধ পিতৃক হত্যা কৰিছিল ৷

হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা যুৱক জনৰ নাম নবীন ৷ পিলিভিত জিলাৰ বাসিন্দা, ৰাম স্বৰূপ নামৰ ব্যক্তিজনৰ জ্যেষ্ঠ পুত্ৰ নবীনে তেওঁৰ পিতৃক হত্যা কৰা বুলি কনিষ্ঠ পুত্ৰ তথা নবীনৰ ভাতৃ মনোজে গোচৰ ৰুজু কৰিছে ৷ গোচৰ অনুসৰি পিতৃ ৰাম স্বৰূপে টোপনি গৈ থকা অৱস্থাত তেওঁ নাকৰ পৰা ওলোৱা শব্দত নবীনৰ টোপনিত ব্যাঘাত জন্মে আৰু তাতেই খঙৰ ভমকত তেওঁ পিতৃক প্ৰহাৰ কৰে ৷

তাৰ পাচত চিকিৎসাৰ বাবে পুৰাণপুৰ সামাজিক স্বাস্থ্য কেন্দ্ৰলৈ তেওঁক নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ তাৰ পাচত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, এই ঘটনা মঙলবাৰে চেৰামাউ জিলাত কনিজ পুত্ৰ মনোজ ঘৰত নথকা অৱস্থাত সংঘটিত হৈছিল ৷ বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নবীনক ভাৰতীয় দণ্ড বিধিৰ 302(হত্যা) ধাৰা আধীনত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃবৰঝাৰ বিমানবন্দৰত জব্দ লক্ষাধিক মূল্যৰ বিদেশী চিগাৰেট

ABOUT THE AUTHOR

...view details