অসম

assam

ETV Bharat / bharat

ৰাজৌৰিৰ মৃত যুৱকৰ পৰিয়ালক সাক্ষাৎ গৱৰ্ণৰ মনোজ সিন্হাৰ

ৰাজৌৰি গুলীয়াগুলি ঘটনাত নিহত তিনি যুৱকৰ ঘৰত উপস্থিত হয় লিউটিনেন্ট গৱৰ্ণৰ মনোজ সিন্হা ৷ ৰাজৌৰি জিলাৰ তাৰাকাছি গাঁৱত খোজেৰে উপস্থিত হয় মনোজ সিন্হা ৷

By

Published : Oct 9, 2020, 6:27 PM IST

Shopian gunfight: L-G Manoj Sinha visit families of killed Rajouri youth
ৰাজৌৰিৰ মৃত যুৱকৰ পৰিয়ালক সাক্ষাৎ গৱৰ্নৰ মনোজ সিনহাৰ

-মহম্মদ জুলকাৰনাইন জুল্ফী

কাশ্মীৰৰ ছোপিয়ান জিলাত 18 জুলাইত এক ভুৱা গুলীবৰ্ষণত নিহত হোৱা তিনি যুৱকৰ পৰিয়ালক সাক্ষাৎ কৰে জম্মু-কাশ্মীৰৰ লিউটিনেন্ট গৱৰ্ণৰ মনোজ সিন্হাই ৷ এজন জ্যেষ্ঠ বিষয়াই কয়, "তিনি যুৱকৰ পৰিয়ালক সাক্ষাৎ কৰিবৰ বাবে ৰাজৌৰি জিলাৰ তাৰকাছি গাঁৱত খোজেৰে উপস্থিত হয় L-G মনোজ সিনহা ৷ পৰিয়ালকেইটাই ন্যায় লাভ কৰিব বুলি সিন্হাই আশ্বাস প্ৰদান কৰে ৷"

তেওঁ লগতে কয় যে, সিন্হাই প্ৰথমে ৰাজৌৰিৰ এখন গাঁৱত এক ৰাজহুৱা সভা সম্বোধন কৰে আৰু তাৰ পাচতে মৃত তিনি যুৱকৰ এজনৰ পিতৃ মোহম্মদ য়ুছুফৰ ঘৰত উপস্থিত হ'বৰ বাবে তাৰকাছি গাঁৱলৈ খোজেৰে যায় ৷

বিষয়াগৰাকীয়ে কয়, "আন দুটা পৰিয়ালো য়ুছুফৰ ঘৰত উপস্থিত হয় ৷ সিন্হাই আটাইকেইটা পৰিয়ালৰে অভিযোগবোৰ শুনে আৰু ন্যায় প্ৰদান কৰাৰ আশ্বাস দিয়ে ৷"

উল্লেখ্য যে, তিনি মৃত যুৱক ইমতিয়াজ আহমেদ, আবৰাৰ আহমেদ আৰু ইবৰাৰ আহমেদৰ পৰিয়ালৰ সদস্যই ন্যায়ৰ দাবী কৰিছে ৷ সিন্হাই পৰিয়ালকেইটাক আশ্বাস দিয়ে যে, ন্যায় প্ৰদান কৰাত কোনো হেমাহি কৰা নহ'ব ৷

চলিত মাহৰ প্ৰথম ভাগতে DNA পৰীক্ষাৰ জৰিয়তে তিনি যুৱকৰ মৃতদেহ চিনাক্ত কৰি 2 অক্টোবৰৰ দিনা ৰাজৌৰিৰ গাঁৱত তেওঁলোকক অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল ৷

লগতে পঢ়ক :জিতেন দত্ত, জোন ভূঞাক আলফাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ

ABOUT THE AUTHOR

...view details