অসম

assam

১৪ জুনত পুনৰ খোলা হ'ব সবৰীমালা মন্দিৰৰ দুৱাৰ

By

Published : Jun 7, 2020, 2:03 PM IST

মালায়েলাম কেলেণ্ডাৰ অনুসৰি মিধুনম মাহত কৰা 'মিধুনামাছা পূজা'ৰ দিনটোতে খোলা হ'ব সবৰীমালা মন্দিৰৰ দুৱাৰ। কিন্তু বহিঃৰাজ্যৰ পৰা যোৱা ভক্তসকলে মন্দিৰত প্ৰৱেশৰ বাবে পূৰ্বে অনুমতি তথা নাম পঞ্জীয়ন কৰিব লাগিব। লগতে, ভক্তসকলৰ লগত থাকিব লাগিব কোভিড ১৯ নিগেটিভ চাৰ্টিফিকেট।

সবৰীমালা মন্দিৰ
Sabarimala temple to reopen on June 14

নিউজ ডেস্ক, ৭ জুনঃ ৭৫ দিনৰ অন্তত পুনৰ খোলা হ'ব কেৰালাৰ সবৰীমালা মন্দিৰ। ইতিমধ্যে মন্দিৰটো খোৱাৰ বাবে যো-জা চলাইছে মন্দিৰ কৰ্তৃপক্ষই। আয়াপ্পা ভগৱানক পূজাৰ বাবে পুনৰ ১৪ জুনত খোৱা হ'ব মন্দিৰৰ দুৱাৰ। দক্ষিণ ভাৰতৰ এই বিখ্যাত মন্দিৰটোৰ দুৱাৰ খোলা হ'ব যদিও কোভিড ১৯ ৰ বাবে চৰকাৰে জাৰি কৰা গাইডলাইন অনুসৰিহে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব ভক্তই।

কিন্তু বহিঃৰাজ্যৰ পৰা যোৱা ভক্তসকলে মন্দিৰত প্ৰৱেশৰ বাবে পূৰ্বে চৰকাৰৰ অনুমতি তথা নাম পঞ্জীয়ন কৰিব লাগিব। লগতে, ভক্তসকলৰ লগত থাকিব লাগিব কোভিড ১৯ নিগেটিভ চাৰ্টিফিকেট। চৰকাৰ আৰু দেৱাশ্বম বৰ্ডে যুটীয়াভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

মালায়েলাম কেলেণ্ডাৰ অনুসৰি মিধুনম মাহত কৰা 'মিধুনামাছা পূজা'ৰ দিনটোতে খোৱা হ'ব সবৰীমালা মন্দিৰৰ দুৱাৰ। এবাৰত সৰ্বাধিক ২০০ গৰাকী ভক্তক দৰ্শনৰ অনুমতি দিয়াৰ লগতে গৰ্ভগৃহত কেৱল ৫০ গৰাকী ভক্তইহে প্ৰৱেশ কৰিব পাৰিব। এইলোকসকলক ৫ টা দল কৰি প্ৰৱেশৰ কৰা অনুমতি প্ৰদান কৰা হ'ব। এই বিশেষ 'মিধুনামাছা পূজা' সম্পন্ন হোৱাৰ পাছত ২৮ জুনত পুনৰ বন্ধ কৰা হ'ব মন্দিৰ।

পুৱা ৪ বজাৰ পৰা দিনৰ ১ বজালৈ আৰু বিয়লি ৪ বজাৰ পৰা নিশা ১১ বজালৈ ভক্তই আয়াপ্পা ভগৱানক পূজাৰ বাবে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব । কেৱল পাণ্ডাৰ জড়িয়তেহে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব ভক্তই । ইয়াৰ বাহিৰে দৰ্শনৰ বাবে যোৱা সকলো পথ বন্ধ কৰি দিয়া হ'ব ।

বহিঃৰাজ্যৰ পৰা যোৱা দৰ্শনাৰ্থীসকলে কেলাৰা চৰকাৰৰ ই-জাগ্ৰত নামৰ পোৰ্টেলত প্ৰথমে নিজৰ নাম পঞ্জীয়ণ কৰিব লাগিব। লগতে, তেওঁলোকে ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থাই অনুমতি দিয়া পৰীক্ষাগাৰৰ কোভিড ১৯ নিগেটিভ চাৰ্টিফিকেট পঞ্জীয়নৰ সময়ত পোৰ্টেলত আপলোড কৰিব লাগিব।

ABOUT THE AUTHOR

...view details