অসম

assam

ETV Bharat / bharat

RTGC/ NEFT ৰ লেনদেনত শুল্ক ৰেহাই ৰিজাৰ্ভ বেংকৰ

ATM ব্যৱহাৰৰ ক্ষেত্ৰতো লোৱা হ'ব পাৰে অনুৰূপ সিদ্ধান্ত ৷

RTGC/ NEFTৰ লেনদেনত শুল্ক ৰেহাই

By

Published : Jun 6, 2019, 2:28 PM IST

নিউজ ডেস্ক , 06 জুন :ডিজিটেল লেনদেনক উদঙনি যোগাবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে RTGS আৰু NEFTৰ লেনদেনত সালসলনি ঘটাইছে ৷ সৰ্বাধিক 2 লাখ টকা পৰ্যন্ত সুবিধা থকা NEFT ব্যৱস্থা আৰু অধিক ধনৰ লেনদেনৰ বাবে থকা RTGS ব্যৱস্থাৰে গ্ৰাহকক সকাহ দিয়াৰ অৰ্থে আৰু ডিজিটেল লেনদেনৰ ব্যৱস্থাক অধিক মাত্ৰাত ব্যৱহৃত কৰিবলৈ ৰিজাৰ্ভ বেংকে লৈছে এই নতুন নীতি ৷

উল্লেখ্য যে , দেশৰ বৃহত্তম বেংক SBI এ NEFT ৰ লেনদেনত 1ৰ পৰা 5 টকা পৰ্যন্ত আৰু RTGSৰ লেনদেনত 5ৰ পৰা 50 টকা পৰ্যন্ত লেনদেন শুল্ক গ্ৰাহকৰ পৰা আদায় কৰিছিল ৷ ৰিজাৰ্ভ বেংকে মুদ্ৰা নীতি কমিটীৰ এক বৈঠকৰ অন্তত নিয়ামক নীতি অনুসৰি ঘোষণা কৰে যে বেংক সমূহে RTGS আৰু NEFTৰ মাধ্যমত হোৱা লেনদেনত অতিৰিক্ত শুল্ক পৰিহাৰ কৰি গ্ৰাহকক সকাহ দিয়া হ'ব ৷ অহা 1 সপ্তাহৰ ভিতৰতে ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সম্পৰ্কীয় জাননী বেংক সমূহলৈ প্ৰেৰণ কৰিব ৷

RTGC/ NEFTৰ লেনদেনত শুল্ক ৰেহাই

দেশত ATMৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততো ATMৰ ওপৰত প্ৰযোজ্য হৈ থকা শুল্কৰ সম্পৰ্কত ভাৰতীয় ৰিজাৰ্ভ বেংকে বিবেচনা কৰাৰ সম্পৰ্কে এখন উচ্চস্তৰীয় কমিটী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ অহা 2 মাহৰ ভিতৰত কমিটীখনে এই সম্পৰ্কীয় সিদ্ধান্ত ভাৰতীয় ৰিজাৰ্ভ বেংকত অৱগত কৰিব ৷

ABOUT THE AUTHOR

...view details