অসম

assam

By

Published : May 2, 2020, 6:24 PM IST

ETV Bharat / bharat

ৰাজস্থানৰ পৰা ২,৪০০ গৰাকী লোকক গৃহ ৰাজ্যলৈ প্ৰেৰণ

শনিবাৰে বিশেষ ৰে'ল সেৱাৰ জৰিয়তে বিহাৰ আৰু ঝাৰখণ্ডৰ ২,৪০০ গৰাকী শিক্ষাৰ্থী আৰু প্ৰৱাসী শ্ৰমিকক ৰাজস্থানৰ পৰা তেখেতসকলৰ নিজৰ গৃহৰাজ্যলৈ প্ৰেৰণ কৰে । ইতিমধ্যে বিভিন্ন ৰাজ্যৰ ৩৮. ০০০ গৰাকী শ্ৰমিকক নিজ গৃহৰাজ্যলৈ ঘূৰাই পঠাই বুলি মন্তব্য কৰে অতিৰিক্ত মুখ্য সচিব সুবোধ আগৰৱালে ।

জয়পুৰ
ৰাজস্থানৰ পৰা ২,৪০০ গৰাকী প্ৰৱাসীক গৃহ ৰাজ্যলৈ প্ৰেৰণ

নিউজ ডেস্ক, ২ মে': জয়পুৰৰ পৰা বিহাৰ আৰু ঝাৰখণ্ডলৈ চলাচল কৰিছে বিশেষ ৰে'ল সেৱা । লক ডাউনৰ বাবে জয়পুৰত আৱদ্ধ হৈ থকা বিহাৰ আৰু ঝাৰখণ্ডৰ শিক্ষাৰ্থী তথা প্ৰৱাসী শ্ৰমিকক গৃহ ৰাজ্যলৈ ঘূৰাই নিয়াৰ উদ্দেশ্য চলাচল কৰা হৈছে এই বিশেষ ৰে'ল সেৱা ।

প্ৰায় ২,৪০০ গৰাকী শিক্ষাৰ্থী আৰু প্ৰৱাসী শ্ৰমিকক এই ৰে'ল সেৱাৰ জৰিয়তে নিজ নিজ গৃহ ৰাজ্যলৈ লৈ ঘূৰাই পঠিওৱা হয় ।

ৰাজস্থানৰ পৰা ২,৪০০ গৰাকী প্ৰৱাসীক গৃহ ৰাজ্যলৈ প্ৰেৰণ

শুকুৰবাৰে কোটাৰ পৰা নিশা ১২ বজাত ঝাৰখণ্ডৰ ৰাঞ্চীলৈ চলে এখন বিশেষ ৰে'ল । আনহাতে, শনিবাৰে পুৱা ১২.২০ বজাত প্ৰায় ১২০০ শ্ৰমিকৰ সৈতে জয়ুৰৰ পৰা পাটনালৈ ৰাওনা হয় আন এখন ৰে'ল ।

অতিৰিক্ত মুখ্য সচিব সুবোধ আগৰৱাল তথা ৰাজ্য শ্ৰমিক আৰু প্ৰৱাসী শ্ৰমিকৰ সমস্যা সমাধান সন্দৰ্ভত গঠন কৰা সমিতিৰ অধ্যক্ষ গৰাকীয়ে কয় যে, ২ মে' ৰ পৰা প্ৰত্যেক দিনাই মুঠ পাঁচখন বিশেষ ৰে'ল চলাচল হ'ব । প্ৰৱাসী শ্ৰমিক আৰু শিক্ষাৰ্থীসকলক নিজ গৃহ ৰাজ্যলৈ ঘূৰাই পঠিয়াৰ বাবেই চলিব এই ৰে'ল ।

লগতে অধ্যক্ষ গৰাকীয়ে কয় যে, ইতিমধ্যে ৩৮,০০০ গৰাকী শ্ৰমিকক তেখেতসকলৰ নিজ নিজ গৃহৰাজ্যলৈ প্ৰেৰণ কৰে । ইয়াৰ ভিতৰত মধ্য প্ৰদেশৰ ২৭,০০০. পঞ্জাৱৰ ৬,১ ৯৭ আৰু হাৰিয়ানাৰ ২,৩৮৭ গৰাকী শ্ৰমিক আছিল বুলি সদৰী কৰে ।

ABOUT THE AUTHOR

...view details