অসম

assam

ETV Bharat / bharat

ৰাজস্থানৰ 90 খন পৌৰসভাৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিলে 48 খন আসন

ৰাজস্থানৰ পৌৰসভাৰ নিৰ্বাচনত 90 খন আসনৰ ভিতৰত কংগ্ৰেছে 48 খন আসন লাভ কৰাৰ লগতে বিৰোধী দল বিজেপিয়ে লাভ কৰিছে 37 খন আসন ৷

By

Published : Feb 8, 2021, 2:21 PM IST

ৰাজস্থানৰ 90 খন পৌৰসভাৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিলে 48 খন আসন
ৰাজস্থানৰ 90 খন পৌৰসভাৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিলে 48 খন আসন

নেশ্যনেল ডেস্ক, 8 ফেব্ৰুৱাৰী: দেওবাৰে ৰাজস্থানৰ ৰাজ্যিক নিৰ্বাচন আয়োগে মুকলি কৰা তথ্য অনুসৰি,শাসকীয় দল কংগ্ৰেছে 90 খন পৌৰসভাৰ নিৰ্বাচনত 48 খন আসন লাভ কৰিছে ৷ তাৰ ভিতৰত আন 37 খন আসন লাভ কৰিছে বিৰোধী দল বিজেপিয়ে ৷ ৰাজ্যখনৰ 20খন জিলাৰ 90 খন সমিটিৰ ভিতৰত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ লগতে অন্যান্য দলে 3 খন আসন লাভ কৰাৰ লগতে NCP আৰু RLP দলে এখনকৈ আসন লাভ কৰিছে ৷

ইয়াৰ লগতে 48 খন আসন ভিতৰত কংগ্ৰেছ দলে 19 খন আসনত সৰ্বাধিক ভোট লাভ কৰাৰ বিপৰীতে 37 খন আসনত জয় লাভ কৰা বিজেপিয়ে 24 খন আসনত সৰ্বাধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে ৷

ৰাজ্যখনৰ 20 খন জিলাৰ ভিতৰত 90 খন পৌৰসভাৰ মুঠ 3035 টা ৱাৰ্ডত অনুষ্ঠিত হৈছিল নিৰ্বাচন ৷ তাৰ ভিতৰত 1140 টা ৱাৰ্ডত বিজেপিয়ে জয় লাভ কৰাৰ লগতে 1197 টা ৱাৰ্ডত শাসকীয় কংগ্ৰেছ দলে জয় লাভ কৰাৰ বিপৰীতে অন্যান্য দলে 634 টা ৱাৰ্ডত জয় লাভ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে,পূৰ্বৰ নিৰ্বাচনৰ ফলাফল লক্ষ্য কৰিলে দেখা যায় যে এইবাৰ বিজেপিৰ ফলাফল অতি শোচনীয় ৷ কাৰণ পূৰ্বৰ নিৰ্বাচনত 90 খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিছিল 60 খন আসন ৷ তাৰ বিপৰীতে কংগ্ৰেছ আৰু অন্যান্য দলে লাভ কৰিছিল 25 খন আৰু 5 খন আসন ৷ কিন্তু এইবাৰৰ নিৰ্বাচনত বিজেপিৰ হাতৰ পৰা 23 খন আসন কংগ্ৰেছলৈ যায় ৷

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ অধীনত ১৬০ কোটি টকা আৱণ্টন কেন্দ্ৰৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details