আমেঠি, ২৯ এপ্ৰিলঃ পুনৰ বাৰ ৰাহুল গান্ধীক কটু সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ । ৰাহুল গান্ধীয়ে সততে কৈ খকা মেগা ফুড পাৰ্কত গেছ যোগান ধৰিবলৈ মনমোহন সিং চৰকাৰৰ দিনতে লিখিতভাৱে বাধা দিয়া হৈছিল । সংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত এই অভিযোগ কৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ।
তেওঁ কয়, " ৰাহুল গান্ধীয়ে মিছা কথা কৈ আমেঠিবাসীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে । কৃষকৰ উন্নতিৰ কথা কোৱা কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে নিজেই কৃষকৰ মাটি হস্তগত কৰিছে । " লগতে আদালতে নিৰ্দেশ দিয়াৰ পাচতো ৰাহুল গান্ধীয়ে বিগত তিনি বছৰ ধৰি কৃষকৰ ভূমি বেদখল মুক্ত কৰা নাই বুলিও অভিযোগ উত্থাপন কৰে বিজেপিৰ নেত্ৰীগৰাকীয়ে ।