অসম

assam

ETV Bharat / bharat

আফ্ৰিকা ভ্ৰমণ সামৰি দেওবাৰে স্বদেশত উপস্থিত হ'ল ৰাষ্ট্ৰপতি কোবিন্দ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেখেতৰ 28 জুলাইৰ পৰা আৰম্ভ হোৱা আফ্ৰিকা ভ্ৰমণ সমাপ্ত কৰি দেওবাৰে ভাৰতত উপস্থিত হৈছেহি৷ এয়া আছিল ৰাষ্ট্ৰপতি গৰাকীৰ পশ্চিম আফ্ৰিকালৈ প্ৰথমটো স্বতন্ত্ৰ ভ্ৰমণ ৷ গিণিয়া, গাম্বিয়া তথা বেনিন ভ্ৰমণ কৰে ৰাষ্ট্ৰপ্ৰধান গৰাকীয়ে ৷

By

Published : Aug 4, 2019, 9:49 AM IST

আফ্ৰিকা ভ্ৰমণৰ সামৰণি পেলাই ৰবিবাৰে ভাৰতত উপস্থিত ৰাষ্ট্ৰপতি কোবিন্দ

নতুন দিল্লী, 4 আগষ্টঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেখেতৰ 28 জুলাইৰ পৰা আৰম্ভ হোৱা আফ্ৰিকা ভ্ৰমণৰ সামৰণি পেলাই ৰবিবাৰে ভাৰতত আহি উপস্থিত হৈছেহি৷ এয়া আছিল ৰাষ্ট্ৰপতি গৰাকীৰ পশ্চিম আফ্ৰিকালৈ প্ৰথমটো স্বতন্ত্ৰ ভ্ৰমণ৷

পশ্চিম আফ্ৰিকাৰ দেশ সমূহৰ লগত ভাৰতৰ সম্বন্ধ এতিয়া পৰ্যন্ত উন্নত হৈ উঠা নাই৷ ভাৰতে উক্ত অঞ্চল সমূহৰ লগত এক বাণিজ্যিক সম্পৰ্ক স্থাপনৰ বাবে ইচ্ছুক তাৰোপৰি এই অঞ্চল সমূহৰ সৈতে চীনৰ সম্পৰ্ক ভাৰততকৈ বহুত বেছি উন্নত৷ সেই দিশৰ পৰা ৰাষ্ট্ৰপতি গৰাকীৰ এই বিদেশ ভ্ৰমণ আছিল অতি গুৰুত্বপূৰ্ণ৷ উক্ত ভ্ৰনণসূচীত ৰাষ্ট্ৰপতি গৰাকীৰ লগত থাকে এম এস এম ই, পশুপালন তথা মৎস প্ৰতিমন্ত্ৰী প্ৰতাপ চন্দ্ৰ সাৰঙ্গি, আৰু সাংসদ দিলীপ ঘোষ৷ 1 আগষ্টত ৰাষ্ট্ৰপতি গৰাকী গিনিয়াৰ ৰাজধানী কোনাৰ্কীত উপস্থিত হৈ 2 আগষ্টত গিনিয়াৰ ৰাষ্ট্ৰপ্ৰধান আল্ফা কোন্দেৰ সৈতে এক বৈথকত মিলিত হয়৷ উক্ত বৈঠকত দুয়োগৰাকী ৰাষ্ট্ৰ প্ৰধানে প্ৰতিৰক্ষা সম্পৰ্ক বৃদ্ধি আৰু সন্ত্ৰাসবাদ বিৰূদ্ধে যুজঁ দিয়াৰ উপায় সম্পৰ্কে আলোচনা কৰে লগতে ভাৰতে ইয়াত জল সৰবৰাহ প্ৰকল্পৰ উন্নয়নৰ বাবে গিণিক 170 মিলিয়ন ডলাৰৰ ঋণ দিয়াৰ প্ৰস্তাৱ দিয়ে৷ দুয়ো দেশে পান আফ্ৰিকান ই-নেটৱৰ্ক প্ৰকল্পৰ উন্নতি, হোমিওপেথি আৰু পৰম্পৰাগত ঔষধীয় ব্যবস্থা, পুনৰ্নবিকৰণযোগ্য শক্তি আৰু প্ৰযুক্তি আপগ্ৰেডশ্বন সম্পৰ্কে তিনিটি স্মাৰক স্বাক্ষৰ কৰে৷ গিণিয়াই ৰাষ্ট্ৰপতি কোবিন্দক সৰ্বোচ্চ সন্মান "নেচনেল অৰ্ডাৰ অফ মেৰিট" ৰে সন্মানিত কৰে৷ গিণিয়াৰ লগতে ৰাষ্ট্ৰপ্ৰধান গৰাকীয়ে গাম্বিয়া তথা বেনিন ভ্ৰমণ কৰে৷

আফ্ৰিকা ভ্ৰমণৰ সামৰণি পেলাই ৰবিবাৰে ভাৰতত উপস্থিত ৰাষ্ট্ৰপতি কোবিন্দ

ABOUT THE AUTHOR

...view details