নেশ্যনেল ডেস্ক, 6 এপ্ৰিল : সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক নিজ নিজ বিভাগৰ মন্ত্ৰীসকলৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে ৷ কোভিড-19 ৰ ফলত ভাৰতৰ অৰ্থনীতিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰা আৰম্ভ হোৱাৰ বাবে মন্ত্ৰীসকলক যুদ্ধংদেহী মনোভাৱেৰে সাজু হ'বলৈ আহ্বান প্ৰধানমন্ত্ৰী গৰাকীৰ ৷
এই সংকটৰ ফলত 'মেক ইন ইণ্ডিয়া' পদক্ষেপৰ শ্ৰীবৃদ্ধিৰ সুযোগ বৃদ্ধি পোৱাৰ লগতে অন্য দেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব বুলিও মন্তব্য় কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷
ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মোডীয়ে ভাৰতীয় অৰ্থনীতি সম্পৰ্কত বাৰ্তালাপ কৰে ৷ তেওঁ কয় যে, 21 দিনীয়া লকডাউন অন্ত পৰাৰ লগে লগে প্ৰতিটো মন্ত্ৰণালয়ে 10 টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত চিনাক্ত কৰি উলিওৱাৰ লগতে 10 টা প্ৰাথমিক বিষয় বাছি উলিয়াব লাগিব ৷
এক চৰকাৰী সূত্ৰ অনুসৰি, প্ৰতিটো মন্ত্ৰণালয়ে এখনকৈ ব্যৱসায়ৰ আঁচনি প্ৰস্তুত কৰি উলিওৱাৰ লগতে যুদ্ধংদেহী মনোভাৱেৰে কোভিড-19 ৰ পাচৰ অৱস্থাত যুঁজিবলৈ সাজু থাকিব লাগিব ৷